বাক্সা জিলাৰ নাৰায়ণগুৰিত বেঁকী নদীৰ ভয়াৱহ খহনীয়াই ৰাইজৰ নিদ্ৰা হৰণ কৰিছে
বাক্সা, ২৯মাৰ্চ (হি.স.)। বৰ্ষা ঋতু নৌপাওঁতেই বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত নাৰায়ণগুৰিত বেঁকী নদীৰ ভয়াৱহ খহনীয়াই ৰাইজৰ নিদ্ৰা হৰণ কৰিছে। খহনীয়া ৰোধত চৰকাৰ আৰু জনপ্ৰতিনিধিৰ চৰম ব্যৰ্থতাৰ বিৰুদ্ধে আজি নাৰায়ণগুৰিৰ শ শ পুৰুষ-মহিলাই বেঁকীৰ পাৰত
বাক্সা জিলাৰ নাৰায়ণগুৰিত বেঁকী নদীৰ ভয়াৱহ খহনীয়াই ৰাইজৰ নিদ্ৰা হৰণ কৰিছে


বাক্সা, ২৯মাৰ্চ (হি.স.)। বৰ্ষা ঋতু নৌপাওঁতেই বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত নাৰায়ণগুৰিত বেঁকী নদীৰ ভয়াৱহ খহনীয়াই ৰাইজৰ নিদ্ৰা হৰণ কৰিছে। খহনীয়া ৰোধত চৰকাৰ আৰু জনপ্ৰতিনিধিৰ চৰম ব্যৰ্থতাৰ বিৰুদ্ধে আজি নাৰায়ণগুৰিৰ শ শ পুৰুষ-মহিলাই বেঁকীৰ পাৰত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰী সকলে বিটিচিৰ কাৰ্যবাহী সদস্য বেগম আকতাৰা আহমেদ আৰু শালবাৰীৰ পাৰিষদ দিগন্ত গয়াৰীক তীব্ৰ সমালোচনা কৰে।

ৰাইজৰ মতে, নিৰ্বাচনৰ পূৰ্বে বান্ধ নিৰ্মাণৰ বহু প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও কাৰ্যত একো নহ’ল। পূৰ্বে দিয়া ‘জিঅ’ বেগ’সমূহ মাত্ৰ দুমাহতে উটি যোৱাত এতিয়া নাৰায়ণগুৰি, বিশপানী, ৰাঘববিল, এলেঙামাৰী, চূণবাৰী, ভঙাৰপাৰ আদি গাঁও সমূহ অস্তিত্বৰ সংকটত পৰিছে৷ নদীৰ পাৰত একাংশই কুঁৱেৰী খন্দাৰ ফলত খহনীয়াৰ মাত্ৰা অধিক বৃদ্ধি পাইছে। ইয়াৰ বিৰুদ্ধে মাত মাতিলে দলীয়ভাৱে ভাবুকি অহাৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে।

বছৰ বছৰ ধৰি খহনীয়াত সৰ্বস্বান্ত হোৱা পৰিয়াল সমূহে আজি পৰ্যন্ত কোনো চৰকাৰী সাহায্য বা ক্ষতিপূৰণ লাভ কৰা নাই৷ বৰ্তমানৰ চৰকাৰখনেও এই ভয়াৱহ সমস্যাক লৈ কোনো গুৰুত্ব প্ৰদান নকৰাত ৰাইজ শংকিত হৈ পৰিছে। আজিৰ এই প্ৰতিবাদত বহু মহিলাই কোলাত কেঁচুৱা লৈ অংশগ্ৰহণ কৰি অচিৰেই স্থায়ী বান্ধ নিৰ্মাণৰ দাবী জনায়। অন্যথা আগন্তুক দিনত ইয়াতকৈও ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ভুক্তভোগী নাৰায়ণগুৰি বাসীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande