
কাঠমাণ্ডু, ২৯ মাৰ্চ (হি.স.)। তিব্বত চৰকাৰৰ প্ৰধানমন্ত্ৰী পেনপা চেৰিঙে নেপালৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কেন্দ্ৰীয় তিব্বতী প্ৰশাসন আৰু তিব্বতী জনসাধাৰণৰ হৈ এই অভিনন্দন বাৰ্তা প্ৰেৰণ কৰে।
তেওঁৰ বাৰ্তাত তেওঁ লিখিছে, সম্প্ৰতি সমাপ্ত হোৱা জেন-জি নেতৃত্বাধীন আন্দোলনৰ পিছত আপোনাৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে উত্থান নেপালৰ জনসাধাৰণৰ বিশেষকৈ নৱ প্ৰজন্মৰ আকাংক্ষাৰ এক শক্তিশালী প্ৰতীক।
পত্ৰখনত আৰু কোৱা হৈছে, নেপাল আৰু তিব্বতৰ মাজত প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি গভীৰ ঐতিহাসিক আৰু আধ্যাত্মিক সম্পৰ্ক আছে। তিব্বতক বলপূৰ্বকভাৱে সংলগ্ন কৰাৰ পিছত নেপালত আশ্ৰয় লোৱা তিব্বতী সম্প্ৰদায়ে দীৰ্ঘদিন ধৰি নেপালৰ সামাজিক আৰু অৰ্থনৈতিক গাঁথনিত নিজৰ পৰিচয় বজাই ৰাখি, এই সম্পৰ্কসমূহ আৰু অধিক শক্তিশালী কৰি ৰখাত অৰিহণা যোগাই আহিছে। এই সকলোবোৰ সম্ভৱ হৈছে নেপাল চৰকাৰ আৰু নেপালৰ জনসাধাৰণৰ উদাৰতাৰ বাবে, যাৰ বাবে আমি আমাৰ গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো।
তেওঁ সামৰণিত কয়, অনুগ্ৰহ কৰি মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা গ্ৰহণ কৰক। নেপালৰ ইতিহাসৰ এই গুৰুত্বপূৰ্ণ মুহূৰ্তত আপোনালোকৰ নেতৃত্বত আপোনালোকৰ সফলতা কামনা কৰিছো। আপোনালোকৰ সক্ষম নেতৃত্বত আমাৰ জনগোষ্ঠীসমূহৰ মাজত বন্ধুত্ব আৰু অধিক শক্তিশালী হ'ব, আৰু নেপালে প্ৰগতি, সমৃদ্ধি আৰু ইতিবাচক পৰিৱৰ্তনৰ দিশত আগবাঢ়ি যাব—এইটোৱেই আশা।
চীনত নিষিদ্ধ হোৱাৰ বাবে বৰ্তমান পেনপা চেৰিং ভাৰতৰ ধৰ্মশালাত নিৰ্বাসিত হৈ আছে । দীৰ্ঘদিন ধৰি তিব্বতী সংসদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তথা সদনৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া