নিজ হাতেৰে উদ্বোধন কৰা একেটা আৰক্ষী মুখ্য কাৰ্যালয়তে জেৰাৰ সন্মুখীন গ্ৰেপ্তাৰ হোৱা অলি
কাঠমাণ্ডু, ২৯ মাৰ্চ (হি.স.)। শনিবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি আৰু তেওঁৰ প্ৰাক্তন গৃহমন্ত্ৰী ৰমেশ লেখকক অভিযুক্ত হিচাপে আটক কৰি ৰখা হৈছিল একেটা কাঠমাণ্ডু আৰক্ষী মুখ্য কাৰ্যালয় ভৱনতে যিটো ভৱন তেওঁলোকে উদ্বোধন কৰিছিল। ২০২৪ চনৰ ২৫ আগষ্টত
ओली और लेखक के द्वारा पुलिस भवन का उद्घाटन


কাঠমাণ্ডু, ২৯ মাৰ্চ (হি.স.)। শনিবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি আৰু তেওঁৰ প্ৰাক্তন গৃহমন্ত্ৰী ৰমেশ লেখকক অভিযুক্ত হিচাপে আটক কৰি ৰখা হৈছিল একেটা কাঠমাণ্ডু আৰক্ষী মুখ্য কাৰ্যালয় ভৱনতে যিটো ভৱন তেওঁলোকে উদ্বোধন কৰিছিল। ২০২৪ চনৰ ২৫ আগষ্টত তেতিয়াৰ প্ৰধানমন্ত্ৰী অলি আৰু গৃহমন্ত্ৰী লেখকে কাঠমাণ্ডুৰ ভদ্ৰকালিত জিলা আৰক্ষী মুখ্য কাৰ্যালয় ভৱন উদ্বোধন কৰে।

বিড়ম্বনাৰ কথাটো হ’ল, উদ্বোধনীৰ প্ৰায় ১৯ মাহৰ পাছত দুয়োকে হাই-প্ৰফাইল অভিযুক্ত হিচাপে গ্ৰেপ্তাৰ কৰা হয়। অলি আৰু লেখকে কেতিয়াও কল্পনা কৰিব পৰা নাছিল যে তেওঁলোকে উদ্বোধন কৰা একেটা আৰক্ষী মুখ্য কাৰ্যালয়তে অভিযুক্ত হিচাপে আটক কৰা হ’ব।

শনিবাৰে পুৱা প্রাক্তন প্রধানমন্ত্রী অলি আৰু প্রাক্তন গৃহমন্ত্রী ৰমেশ লেখকক আটক কৰি প্রতিবাদী ছাত্র-ছাত্রীক গুলীয়াই হত্যা কৰাৰ অভিযোগত কাঠমাণ্ডু জিলা আৰক্ষী সদৰত ৰখা হয়৷

উল্লেখ্য় যে ২০২৫ চনৰ ৮ ছেপ্টেম্বৰত জেন জি বিক্ষোভৰ সময়ত আৰক্ষীৰ গুলীত ২৭ জন ছাত্ৰ নিহত হয় আৰু মুঠ মৃত্যুৰ সংখ্যা ৭৬ জনলৈ বৃদ্ধি পায়। ঘটনাৰ তদন্তৰ বাবে গঠন কৰা ন্যায়িক আয়োগে অলি আৰু লেখকক ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ বাবে জগৰীয়া কৰি তেওঁলোকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ দাখিল কৰিবলৈ পৰামৰ্শ দিয়ে।

শুকুৰবাৰে নেপালত বলেন্দ্ৰ চৰকাৰ গঠন হোৱাৰ পিছত প্ৰথমখন কেবিনেট বৈঠকত অলি আৰু লেখকক গ্ৰেপ্তাৰ কৰাৰ সিদ্ধান্ত লোৱা হয়, তাৰ পিছত শনিবাৰে পুৱা দুয়োকে গ্ৰেপ্তাৰ কৰা হয়। বৰ্তমান অলীক কাঠমাণ্ডুৰ এখন শিক্ষণ চিকিৎসালয়ত ৰখা হৈছে, আনহাতে প্ৰাক্তন গৃহমন্ত্ৰী লেখক একেটা ভৱনত জিম্মাত আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande