নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী দেউৱা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত তদন্ত আৰম্ভ
কাঠমাণ্ডু, ২৯ মাৰ্চ (হি.স.)। নেপালৰ বলেন্দ্ৰ শ্বাহ চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউৱা আৰু তেওঁৰ পত্নী ড০ অৰ্জু দেউৱাৰ বিৰুদ্ধে অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰৰ তদন্ত অধিক আগুৱাই লৈ গৈছে। ইয়াৰ পূৰ্বেও দেউৱা পৰিয়ালৰ বিৰুদ্ধে সম্পত্তি বিশুদ
पूर्व प्रधानमंत्री शेरबहादुर देउवा और आरजू राणा देउवा


কাঠমাণ্ডু, ২৯ মাৰ্চ (হি.স.)। নেপালৰ বলেন্দ্ৰ শ্বাহ চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউৱা আৰু তেওঁৰ পত্নী ড০ অৰ্জু দেউৱাৰ বিৰুদ্ধে অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰৰ তদন্ত অধিক আগুৱাই লৈ গৈছে। ইয়াৰ পূৰ্বেও দেউৱা পৰিয়ালৰ বিৰুদ্ধে সম্পত্তি বিশুদ্ধকৰণ তদন্ত বিভাগত এজাহাৰ দাখিল কৰা হৈছিল, য’ত ক্ষমতাৰ পৃষ্ঠপোষকতাত অস্বাভাৱিক আৰু অবৈধভাৱে সম্পদ আহৰণৰ অভিযোগ উত্থাপন হৈছিল। সম্পত্তি বিশুদ্ধকৰণ বিভাগৰ মতে, পূৰ্বে সংগ্ৰহ কৰা তথ্য আৰু প্ৰমাণ সংকলন কৰি তদন্ত আগবঢ়াই নিয়া হৈছে।

গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু নেপাল আৰক্ষীৰ সূত্ৰ অনুসৰি বিগত ডেৰ বছৰত শ্বেৰ বাহাদুৰ, আৰ্জু, তেওঁলোকৰ পুত্ৰ জয়বীৰ দেউৱা আৰু তেওঁলোকৰ ঘনিষ্ঠ আত্মীয়ৰ নামত ক্ৰয় কৰা প্ৰায় ৭৩ বিঘা মাটিৰ সবিশেষ সংকলন কৰা হৈছে । সম্পত্তি বিশুদ্ধকৰণ বিভাগে প্ৰদান কৰা তথ্য অনুসৰি অৰ্জু ৰানাৰ দুই ভাতৃ প্ৰদীপ শমশ্বেৰ ৰাণা আৰু ভূষণ ৰাণাকে ধৰি অন্যান্য আত্মীয়ৰ একাউণ্টত হোৱা লেনদেনৰ সবিশেষ সংগ্ৰহ কৰা হৈছে। সম্পত্তি বিশুদ্ধকৰণ তদন্ত বিভাগৰ এজন বিষয়াই কয় যে, এই প্ৰসংগত বুধনীলকন্ঠস্থিত দেউৱাৰ বাসগৃহ ভাঙি পেলোৱাৰ কাম বন্ধ কৰা হৈছে।

বুধনীলকন্ঠৰ একেটা চৌহদৰ ভিতৰতে দেউৱা পৰিয়ালে দুটা বাংলো নিৰ্মাণ কৰিছিল, যাৰ সন্দৰ্ভত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছিল। জেন জি আন্দোলনৰ সময়ত দেউৱা পৰিয়ালক আক্ৰমণ কৰি ঘৰটোত জুই লগাই দিয়া হয়, য’ত কোটি কোটি টকা আৰু লাখ লাখ মাৰ্কিন ডলাৰৰ প্ৰমাণ পোৱা বুলি অভিযোগ উঠিছে ।

বিগত কিছুদিন ধৰি দেউৱা পৰিয়ালৰ নিৰ্দেশত শ্ৰমিক নিয়োগ কৰি ক্ষতিগ্ৰস্ত অট্টালিকাটো ভাঙি পেলোৱা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, অট্টালিকাটোৰ সৈতে জড়িত প্ৰমাণ প্ৰভাৱিত আৰু ধ্বংস হোৱাৰ আশংকাত উচ্চ কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰি ভাঙি পেলোৱাৰ কাম বন্ধ কৰি দিয়া হৈছে ।

ভুৱা ভূটান শৰণাৰ্থী গোচৰত অৰ্জু ৰাণা জড়িত থকাৰ তদন্তও পুনৰ মুকলি কৰা হৈছে। তদন্তত যোগ দিছে নেপাল আৰক্ষীৰ কেন্দ্ৰীয় তদন্ত ব্যুৰোৱে। নেপালত বসবাস কৰা ভূটানী শৰণাৰ্থীৰ আৱৰণত তিব্বতী, নেপাল, চীনৰ নাগৰিকক আমেৰিকালৈ প্ৰেৰণ কৰা হৈছিল। তদন্তত প্ৰকাশ পাইছে যে প্ৰতিজন ব্যক্তিৰ পৰা ৬৫ লাখৰ পৰা ১ কোটি ₹ৰ ভিতৰত ধন লোৱা হৈছিল ।

শ্বেৰ বাহাদুৰ দেউৱা আৰু তেওঁৰ পৰিয়াল বৰ্তমান ছিংগাপুৰত আছে । গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি দেউৱা দম্পতী আৰু তেওঁলোকৰ পৰিয়ালক নেপাললৈ ঘূৰাই অনাৰ বাবে ইন্টাৰপ’লৰ সৈতে সমন্বয় অব্যাহত আছে। দেউৱা দম্পতীক নেপাললৈ ঘূৰি অনাৰ বাবে আজি ইণ্টাৰপললৈ আৰ্জি পত্ৰ প্ৰেৰণ কৰিব নেপাল আৰক্ষীয়ে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande