
নগাও, ২৯ মাৰ্চ (হি.স.)। লাহৰীঘাটত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে অগপৰ মূখপাত্ৰ তোলাৰাম গগৈ আৰু যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গৌতম বৰা। আজি লাহৰীঘাট সমষ্টিৰ দলীয় কৰ্মকৰ্তা আৰু ভোটাৰ ৰাইজৰ লগত মত বিনিময় কৰে। লাহৰীঘাট সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী খলিলুৰ ৰহমানৰ প্ৰতি ৰাইজৰ সহাৰি আছে। বতৰে বিঘিনি জনোৱা সত্বেও সমষ্টিটোত মিত্ৰজোটৰ কেইবা শতাধিক ৰাইজ একগোট হৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী খলিলুৰ ৰহমানৰ প্ৰতি ৰাইজৰ পুৰ্ণ সমৰ্থন থকা বিষয়ে প্ৰকাশ কৰে।
আগন্তুক নিৰ্বাচনত পূৰ্বতকৈ অধিক আসন লৈ মিত্ৰজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি মূখপাত্ৰ তোলাৰাম গগৈয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু