১০ এপ্ৰিলত ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল
গুৱাহাটী, ২৮ মাৰ্চ (হি.স.)। নিৰ্বাচনৰ পাছদিনাই ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ১০ এপ্ৰিলত ঘোষণা কৰা হ’ব এইবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। নিৰ্বাচনী প্ৰচাৰৰ মাজতে বোকাজানত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন ঘোষণা কৰিলে মুখ্যম
১০ এপ্ৰিলত ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল


গুৱাহাটী, ২৮ মাৰ্চ (হি.স.)। নিৰ্বাচনৰ পাছদিনাই ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ১০ এপ্ৰিলত ঘোষণা কৰা হ’ব এইবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।

নিৰ্বাচনী প্ৰচাৰৰ মাজতে বোকাজানত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰীক্ষাৰ্থীৰ প্ৰশ্নৰ উত্তৰতে ফলাফলৰ দিন জনালে মুখ্যমন্ত্ৰীয়ে। সেই অনুসৰি অসম বিধানসভা নিৰ্বাচনৰ ভোটদানৰ এদিন পাছতে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। উল্লেখ্য় যে ৯ এপ্ৰিলত ৰাজ্যত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।

উল্লেখযোগ্য যে ১০ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰী, ২০২৬লৈকে অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা। ছেবাৰ পৰিৱৰ্তে এ এছ এছ ই বিৰ নতুন নিয়মেৰে অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা।

২০২৬ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ মুঠ ৪,৩৮,৫৬৫গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। আজি দিন ঘোষণাৰ পাছতেই ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱকসকলৰ মাজত বৃদ্ধি পাইছে উৎকণ্ঠা।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande