
বৰপেটা, ২৯ মাৰ্চ (হি.স.)। কলগাছিয়াৰ কান্দুলীয়া ২ নং ৰাজ্যিক ঘাইপথত এএছ ১৬ বি ১১৩০ নং চাৰিচকীয়া এল্ট বাহন আৰু এএছ ১৯ইআৰ ৭০৩৯ ই- ৰিক্সাৰ মাজত ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে পথৰ কাষত এৰাল দিয়া গৰুয়ে এফালৰ পৰা আনফালে যাওঁতে উক্ত বাহনৰ দুখনৰ মাজত ভয়ংকৰ পথ দূৰ্ঘটনাটো সংঘটিত হয়।
চাৰিচকীয়া বাহনৰ কোনো লোক হতাহতি হোৱা নাই যদিও ই-ৰিক্সাৰ চালক সহ তিনিজনলোক যথেষ্ট আঘাতপ্ৰাপ্ত হয়। স্থানীয় ৰাইজে আঘাতপ্ৰাপ্ত লোক কেইজনক ততাতৈয়াকৈ বৰপেটা অসামৰিক চিকিৎসালয় কলগাছিয়ালৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা