যোৰহাটৰ জ্যোতি প্রতাপ জ্ঞানমার্গ বিদ্যালয়ৰ ষষ্ঠ প্ৰতিষ্ঠা দিৱস উদযাপন
যোৰহাট, ২৯ মাৰ্চ (হি.স.)। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনস্থ জ্যোতি প্রতাপ জ্ঞানমার্গ বিদ্যালয়ৰ ষষ্ঠ প্ৰতিষ্ঠা দিৱস উদযাপন। জ্যোতি প্রতাপ জ্ঞানমার্গ বিদ্যালয় খন সম্পূর্ণ বিনামূলীয়া। ২০২১ চনৰ পৰা প্ৰতিটো শ্রেণীতে ৪০ গৰাকী ছাত্র-ছাত্রীৰ সৈত
যোৰহাটৰ জ্যোতি প্রতাপ জ্ঞানমার্গ বিদ্যালয়ৰ ষষ্ঠ প্ৰতিষ্ঠা দিৱস উদযাপন


যোৰহাট, ২৯ মাৰ্চ (হি.স.)। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনস্থ জ্যোতি প্রতাপ জ্ঞানমার্গ বিদ্যালয়ৰ ষষ্ঠ প্ৰতিষ্ঠা দিৱস উদযাপন।

জ্যোতি প্রতাপ জ্ঞানমার্গ বিদ্যালয় খন সম্পূর্ণ বিনামূলীয়া। ২০২১ চনৰ পৰা প্ৰতিটো শ্রেণীতে ৪০ গৰাকী ছাত্র-ছাত্রীৰ সৈতে অংকুৰ, প্ৰাক-প্রাথমিক, প্রথম, দ্বিতীয়, তৃতীয়, চতুর্থ, পঞ্চম, ষষ্ঠ আৰু সপ্তম শ্রেণীলৈ প্রতিটো শ্রেণী কোঠাতে সম্পূর্ণ ডিজিটেল ব্যৱস্থাৰে মুঠ ৩০১ গৰাকী ছাত্ৰ-ছাত্ৰীৰে সৈতে চলি আছে।

অংকুৰ শ্ৰেণীৰ পৰা দ্বাদশ শ্রেণীলৈকে সম্পূর্ণ অত্যাধুনিক ভাবে শ্রেণী কোঠাসমূহ ইতিমধ্যে সম্পূর্ণ হৈছে। বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে কোনো নামভর্তি আৰু মাহেকীয়া মাছুল নাই আৰু কিতাপ বহী, টিফিন বক্স আদি বিনামূলীয়াকৈ যোগান ধৰা হয়।

এইবাৰ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জ্যোতি প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ে ষষ্ঠ প্ৰতিষ্ঠা দিৱস পালন কৰিছে। বিদ্যালয়ৰ মুকলি সভাত অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং, আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জ্যোতিপ্ৰসাদ শইকীয়া, অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ অজন্তা বৰগোহাঁই ৰাজকোঁৱৰ, যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমিত্ৰ পূজাৰী, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড০ জ্যোতিৰেখা হাজৰিকা, বিশিষ্ট অভিনেত্ৰী চেতনা দাসকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande