শিৱসাগৰ দীঘলীযানত ৰাইজৰ দলৰ ব্যাপক যোগদান আৰু নিৰ্বাচনী সভা অনুষ্ঠিত
শিৱসাগৰ, ২৯ মাৰ্চ (হি.স.)। শিৱসাগৰ জিলাৰ অন্তৰ্গত খনামুখ পঞ্চায়তৰ ভিতৰুৱাল দীঘলীযানত আজি ৰাইজৰ দলৰ ব্যাপক যোগদান আৰু নিৰ্বাচনী সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ লগতে ৰাইজৰ দলৰ কৰ্মকৰ্তা সকল। আজিৰ সভাত ৰাইজৰ দলৰ সভাপতি
শিৱসাগৰ দীঘলীযানত ৰাইজৰ দলৰ ব্যাপক যোগদান আৰু নিৰ্বাচনী সভা অনুষ্ঠিত


শিৱসাগৰ, ২৯ মাৰ্চ (হি.স.)। শিৱসাগৰ জিলাৰ অন্তৰ্গত খনামুখ পঞ্চায়তৰ ভিতৰুৱাল দীঘলীযানত আজি ৰাইজৰ দলৰ ব্যাপক যোগদান আৰু নিৰ্বাচনী সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ লগতে ৰাইজৰ দলৰ কৰ্মকৰ্তা সকল। আজিৰ সভাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বিগত সময়ত তেওঁ শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ কাৰণে কৰা কামৰ খতিয়ান দাঙি ধৰে।

সভাত ৰাজ্য়ৰ শাসকীয় মিত্ৰ জোত চৰকাৰৰ কাম কাজক কঠোৰ সমালোচনা কৰে। তেও কয় যে অসমত অতীজৰে পৰা বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বী লোকে মিলাপ্ৰিতিৰে বাস কৰি আছে। কিন্ত ৰাজ্যত বিজেপি মিত্ৰ জোতৰ চৰকাৰ অহাৰ পিছতে পুৰ্বে বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত থকা ধৰ্মীয় সহনশীলতাৰ বৈশিষ্ঠ লোপ পাইছে।বিজেপিৰ বিভাজন নিটী অসমীয়া সমাজ খনক খতিগ্ৰস্থ কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande