বিজেপিৰ মুল লক্ষ্য হ'ল হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰা বুলি দাবী ইউপিপিএলৰ
চিৰাঙ, ২৯ মাৰ্চ (হি.স.)। বিজেপিৰ মুল লক্ষ্য হ''ল হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰা। যাৰ বাবে এইবেলি বিধানসভা নিৰ্বাচনত বিজনী সমষ্টিত বিটিচি নিৰ্বাচনত ফকিৰাগ্ৰাম সমষ্টিৰ ৰাইজে বিদায় দিয়া অৰূপ কুমাৰ দেক বিজেপিয়ে বিজনী বিধানসভা সমষ্টিত প্ৰাৰ্থী
বিজেপিৰ মুল লক্ষ্য হ'ল হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰা বুলি দাবী ইউপিপিএলৰ


চিৰাঙ, ২৯ মাৰ্চ (হি.স.)। বিজেপিৰ মুল লক্ষ্য হ'ল হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰা। যাৰ বাবে এইবেলি বিধানসভা নিৰ্বাচনত বিজনী সমষ্টিত বিটিচি নিৰ্বাচনত ফকিৰাগ্ৰাম সমষ্টিৰ ৰাইজে বিদায় দিয়া অৰূপ কুমাৰ দেক বিজেপিয়ে বিজনী বিধানসভা সমষ্টিত প্ৰাৰ্থী হিচাপে লৈ আহিছে। যি গৰাকী প্ৰাৰ্থীয়ে বিজনী বিধান সভা সমষ্টিৰ চাৰিসীমা নাজানে।

চিৰাঙৰ বিজনী জিলা ইউপিপিএলৰ কাৰ্যালয়ত দেওবাৰে যুৱ ইউপিপিএলৰ কেন্দ্ৰীয় সম্পাদক তথা মুখপাত্ৰ আবুল কালাম আজাদে এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে। সংবাদমেলত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীক সমালোচনা কৰি কয় এইবেলি বিধানসভা নিৰ্বাচনত বড়ো আৰু মুছলমান মানুহে বিজেপিক ভোট নিদিয়ে বুলি হাগ্ৰামা মহিলাৰীয়ে ভালদৰে জানে।

গতিকে বিজনী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী গৰাকীক জয়ী কৰাবলৈ হাগ্ৰামা মহিলাৰীয়ে বড়ো আৰু মুছলমানৰ ভোট বিভাজন কৰিবলৈ নিজৰ দলৰে কিছু ব্যক্তিক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। কিন্তু এইবেলি বিজনী সমষ্টিৰ ৰাইজৰ যি উচ্ছাস উদ্দিপনা সমষ্টিটোৰ ইউপিপিএলৰ প্ৰাৰ্থী তথা বিজনীৰ তিনি বাৰৰ বিধায়ক কমলসিং নাৰ্জাৰী জয়ী হোৱাটো এশ শতাংশ নিশ্চিত।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande