লখিমপুৰৰ নাওবৈচাত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভাত অসমবাসীৰ বাবে ৫ গেৰাণ্টী মুকলি কৰিলে ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই
লখিমপুৰ, ২৯ মাৰ্চ (হি.স.)। নিৰ্বাচনলৈ যিমানেই দিন চমু চাপিছে সিমানেই তুংগত উঠিছে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ। আজি লখিমপুৰৰ নাওবৈচা সমষ্টিত ৰঙানদীৰ দলঙৰ সমীপৰ খাৰকাটিত কংগ্ৰেছ দলে বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰে। এই সভাত উপস্থিত থাকি নিখিল ভাৰত কংগ্
নাওবৈচাত কংগ্ৰেছৰ এক নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি মল্লিকাৰ্জুন খাৰ্গে


লখিমপুৰ, ২৯ মাৰ্চ (হি.স.)। নিৰ্বাচনলৈ যিমানেই দিন চমু চাপিছে সিমানেই তুংগত উঠিছে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ। আজি লখিমপুৰৰ নাওবৈচা সমষ্টিত ৰঙানদীৰ দলঙৰ সমীপৰ খাৰকাটিত কংগ্ৰেছ দলে বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰে। এই সভাত উপস্থিত থাকি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে পাঁচ গেৰাণ্টী মুকলি কৰে৷

এই পাঁচটা গেৰাণ্টী হৈছে ব্যৱসায়ৰ বাবে প্ৰতিগৰাকী মহিলাক চৰ্তবিহীনভাৱে ৫০ হাজাৰকৈ টকা প্ৰদান, প্ৰতিটো পৰিয়াললৈ ২৫ লাখ টকাৰ বিনামূলীয়া স্বাস্থ্য বীমা, জুবিন গাৰ্গক এশ দিনৰ ভিতৰত ন্যায় প্ৰদান, ১০ লাখ খিলঞ্জীয়া ভূমিপুত্ৰক স্থায়ী পট্টা প্ৰদান কৰা আৰু প্রতিমাহে প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিকক ১২৫০ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি৷ পাঁচটা গেৰাণ্টী মুকলি কৰি ৰাইজক উদ্দেশ্যি দিয়া ভাষণত কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কয়, ''আজি মই অসমৰ বিধানসভা নিৰ্বাচনৰ ঘোষণা পত্ৰ মুকলি কৰিবলৈ ইয়ালৈ আহিছো৷ ৰাইজৰ পৰামৰ্শ আৰু গভীৰ বিচাৰ-বিবেচনাৰ অন্তত কংগ্ৰেছৰ ঘোষণা পত্ৰ প্ৰস্তুত কৰা হৈছে৷

আমি অসমৰ জনসাধাৰণক কি দিব পাৰো সেয়া স্পষ্ট কৰিম৷ ইয়াৰ চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাই আপোনালোকৰ সৈতে যি বিশ্বাসঘাতকতা কৰিছে সেয়াও আপোনালোকক অৱগত কৰিম৷ ক্ষমা কৰিব যে মই অসমীয়া ক’ব নাজানো৷’’ খাৰ্গেই কয় যে মোদীয়ে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ আসনত চুৰি কৰি বহুৱাইছে৷ ইয়াৰ আগৰবাৰ সৰ্বানন্দ সোণোৱালৰ নামত নিৰ্বাচন হৈছিল৷ কিন্তু এজন ভেজাল মানুহ আহি আসনত বহিল৷ এজন জনজাতীয় লোকৰ আসন কাঢ়ি ল’লে৷ হিমন্ত আমাৰ মাজত ডাঙৰ হ’ল৷ খাই পাত ফলা হিমন্ত৷ যিখন ঘৰত খালে, সেইখন ঘৰকে বিশ্বাসঘাতকতা কৰিলে৷ য’ত খাই তাতেই থুৱাই হিমন্ত বিশ্বই৷’’ বিশ্বাসঘাতক আৰু মিছা কথা কোৱাসকলক ভোট নিদিবলৈকো খাৰ্গেই আহ্বান জনায়৷ তেওঁ কয় যে বিজেপিৰ নেতাসকল অসমলৈ আহি বহুত উন্নয়নৰ কথা কয়৷ ড০ মনমোহন সিঙে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে যি কাম কৰিলে সেই কাম বিজেপিয়ে কৰিলে নে বুলি প্ৰশ্ন কৰে খাৰ্গেয়ে৷

তেওঁ কয়, ''গৌৰৱ গগৈ এজন যুৱ নেতা৷ গৌৰৱ গগৈ সৎ, শক্তিশালী, চৰিত্ৰৱান, বাস্তৱিক নেতা৷ গৌৰৱ গগৈৰ দৰে নেতাক আপোনালোকে ভোট দিব নে সেই চোৰৰ দলক ভোট দিব? মই আজি ঘোষণা কৰো যে ব্যৱসায়ৰ বাবে প্ৰতিগৰাকী মহিলাক ৫০ হাজাৰকৈ টকা, প্ৰতিটো পৰিয়াললৈ ২৫ লাখ টকাৰ বিনামূলীয়া স্বাস্থ্য বীমা, জুবিন গাৰ্গক এশ দিনৰ ভিতৰত ন্যায় প্ৰদান, ১০ লাখ খিলঞ্জীয়া ভূমিপুত্ৰক স্থায়ী পট্টা প্ৰদান কৰাৰ লগতে প্রতিমাহে প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিকক ১২৫০ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি কংগ্ৰেছ দলে দিছে৷ আজি বিজেপিৰ দিনত আঁচনি লাভ কৰিব লাগিলে বিজেপিৰ সভালৈ যাব লাগে৷ আমাৰ চৰকাৰ আহিলে কোন মহিলা কোনটো দলৰ সৈতে আছে সেই কথা জনাব নালাগে৷ সকলো মাতৃক আমি আঁচনি প্ৰদান কৰিম৷ বেংক একাউণ্টত পোনে পোনে টকা দিম৷ আঁচনি পাবলৈ কোনো বাধ্যবাধাকতা নাথাকিব৷ আমি এনে গেৰাণ্টীসমূহ ৰাজস্থান, কৰ্ণাটক, তেলেংগানা, তামিলনাডুত কাৰ্যকৰী কৰি দেখুৱাইছো৷

বিজেপিৰ গেৰাণ্টী হৈছে চুৰি কৰাৰ, ধৰ্ষণ কৰাৰ, দেশৰ যি পৰিস্থিতি নহওক চলি থাকিব দিয়াৰ গেৰাণ্টী৷ মোৰ দুখ লাগে যে হিমন্ত তৰুণ গগৈ মন্ত্ৰীসভাৰ মন্ত্ৰী আছিল৷ এইবাৰ অসমৰ সকলো জনগণ একত্ৰিত হৈছে আজমল আৰু হিমন্তক বিদায় দিবলৈ৷ হিমন্তই নিশাৰ ভিতৰতে ৰং সলাই পলায়ন কৰিলে৷ তেওঁ জনতাৰ স্বাৰ্থত পলায়ন কৰিছিল নে? জনজাতি, অনুসূচিত জাতিৰ বাবে পলায়ন কৰা নাই৷ তেওঁ নিজক বচাবলৈ পলায়ন কৰিছে৷ পৰিয়ালৰ স্বাৰ্থত পলায়ন কৰিছে৷ সেয়েহে আপোনালোকে একত্ৰিত হৈ কংগ্ৰেছ দলক ভোটদান কৰক৷ গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ গঠন কৰক৷ আমি এশ দিনৰ ভিতৰত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ন্যায় প্ৰদান কৰিম৷ এই কাণ্ডৰ অন্তৰালত কোন জড়িত আছে তেওঁলোক বিচাৰি উলিয়াম৷ মই কৰ্ণাটকৰ ৰাজহ মন্ত্ৰী হৈ থাকোতে ৬ লাখ ৮০ হাজাৰ লোকক মাটিৰ পট্টা দিছো৷ মই মিছা কথা নকও৷ মই ৫৫ বছৰ ধৰি ৰাজনীতি কৰি আছো৷ বিধায়ক, সাংসদ হৈ আছো৷ মই ৫৫ বছৰ ধৰি আসনত আছো৷ কিন্তু সেই আসনখনৰ কেতিয়াও অপব্যৱহাৰ কৰা নাই৷ মই লাখ লাখ লোকক মাটিৰ পট্টা দিছো, চাকৰি দিছো৷ মোক ইন্দিৰা গান্ধীয়ে দিল্লীলৈ মাতি আনিছিল৷ আজি মই কংগ্ৰেছৰ অধ্যক্ষৰূপে কাম কৰি আছো৷

মই ব্লক কংগ্ৰেছৰ অধ্যক্ষৰ পৰা ইয়ালৈ আহিছো৷ ১৯৬৯ চনত মোক ইন্দিৰা গান্ধীয়ে ব্লক কংগ্ৰেছৰ অধ্যক্ষ নিয়োগ কৰিছিল৷ ব্লকৰ পৰা ডাঙৰ নেতাৰ জন্ম হয়৷ মই কংগ্ৰেছত বিশ্বাস দিব পাৰিছো বাবেই অধ্যক্ষ পদ লাভ কৰিছো৷ আমাৰ কংগ্ৰেছৰ মানুহে প্ৰমাণ দি, মানুহৰ হিতৰ বাবে কাম কৰে৷ মজদুৰ, মহিলা, কৃষক সকলোৰে বাবে আমাৰ ইস্তাহাৰ৷ যি দলে ৰাইজৰ কাম কৰে সেই দলক আকোৱালি ল’ব লাগে৷ চোৰসকলক আকোৱালি ল’ব নালাগে৷ আলি বাবা আৰু চল্লিশ চোৰ৷ আলি বাবা দিল্লীত আছে৷ ইয়াত আছে চল্লিশ চোৰ৷ ইহঁতক বাধা দিব লাগিব৷ হিমন্ত বিশ্ব শৰ্মাই দলিত, মহিলা, জনজাতিসকলক তেওঁলোকৰ সেৱা কৰিবলৈ জন্ম হোৱা বুলি উল্লেখ কৰিছিল৷ দলিত, আদিবাসীৰ জন্ম হেনো সেৱা কৰিবলৈ হৈছে৷ আমি এনে কুলত জন্ম হৈছো হেনো যিকুলে সেৱা কৰিব লাগে৷ দলিত, কৃষকৰ কোনো ঠাই নাই৷ কেৱল শৰ্মাৰ ঠাই আছে৷ সেই কাৰণে শৰ্মাই কৈছিল যে আপোনালোকৰ জন্ম হৈছে কেৱল মোক সেৱা কৰিবলৈ৷ আপোনালোকে কেৱল হিমন্তক সেৱা কৰিব খুজে নেকি? এনে জাতিবাদীক বিজেপিয়ে মুখ্যমন্ত্ৰী পাতি থৈছে৷ ধৰ্মৰ নামত ৰাজনীতি কৰা এনে লোকক শাসনৰ পৰা আতৰ কৰক৷ দেশৰ বাবে যুঁজ দিয়া কংগ্ৰেছ দলক গুৰুত্ব দিয়া উচিত বুলিও কয় খাৰ্গেই। এইবাৰ অসমৰ জনতাই বিজেপিৰ আঁচল চৰিত্ৰ বুজি উঠিছে আৰু বিজেপিক বিদায় দিবলৈ সাজু হৈ আছে বুলিও কয় খাৰ্গেই।

সভাত ভাষণ প্ৰদান কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে কয়, ''এইখন সভা আয়োজন কৰাত চাৰিওফালৰ পৰা বাধা দিয়া হৈছিল৷ ৰাজ্য চৰকাৰ, জিলা প্ৰশাসনৰ পৰা বাধা দিয়া হৈছিল৷ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে হেলিকপ্টাৰেৰে আহি সভাখন কৰিব খোজে৷ কিন্তু প্ৰশাসন তথা এইখন চৰকাৰে যি ধৰণে ৰাজনীতি কৰি হেলিকপ্তাৰ অৱতৰণ কৰাত বাধা দিছে৷ পৰৱৰ্তী দিনত কংগ্ৰেছ চৰকাৰ আহিব তেতিয়া হিচাপ লোৱা হ’ব৷’’ গগৈয়ে আৰু কয়, ''মই প্ৰকৃততে শান্ত, শিষ্ট৷ যেতিয়া আমাৰ দলৰ নেতা তথা ৰাজ্যসভাৰ বিৰোধী দলপতিৰ সভাত মই প্ৰশাসনৰ পৰা কোনোধৰণৰ বাধা পাও, তেনে বাধাক সহ্য নকৰো৷ ৰাহুল গান্ধী ডাঙৰীয়াই অসমত প্ৰচাৰ কৰিব পৰা নাই৷ ছোনিয়া গান্ধীয়ে অসুস্থতাৰ বাবে আহিব পৰা নাই৷ আমি ছোনিয়া গান্ধীৰ সুস্থতা কামনা কৰিছো৷ আজি ৰাইজৰ উপস্থিতিয়ে স্পষ্ট কৰিছে যে লখিমপুৰত প্ৰতিটো সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী হ’ব৷ আমি বিৰোধী দলসমূহ একত্ৰিত হৈ নতুন বৰ অসমৰ দৰ্শন কৰিছো৷ যোৱা বিধানসভাত মিত্ৰতা নহ’ল৷

যাৰ বাবে সকলোৰে ক্ষতি হ’ল৷ উজনি আৰু উত্তৰ অসমত বিজেপিয়ে বহু আসন পালে৷ এইবাৰ আমি একত্ৰিত৷ এই মিত্ৰতা কেৱল নেতাৰ মাজত হোৱা মিত্ৰতা নহয়৷ আমাৰ কৰ্মীসকলৰ মাজতো মিত্ৰতা হৈছে৷’’ মই এটা কথা স্পষ্ট কৰি দিব খুজিছো বুলি উল্লেখ কৰি গগৈয়ে কয় যে বিৰোধীৰ মাজত হোৱা মিত্ৰতাৰ ফলত উজনি অসম আৰু উত্তৰ অসমত বিজেপিয়ে এখনো আসন দখল কৰিব নোৱাৰে৷ অনাগত দিনত যে বিৰোধীৰ চৰকাৰ হ’ব সেয়া আজি উজনি অসম আৰু উত্তৰ অসমে দেখুৱাই দিলে৷ আমাৰ লখিমপুৰ জিলাৰ এজন নেতা গুছি গ’ল৷ মোক দিল্লীৰ সাংবাদিকে প্ৰশ্ন কৰে দুই নেতা গুছি গ’ল কিবা ক্ষতি হ’ব নেকি? মই স্পষ্ট কৰিব খোজো যে যিদিনা ভূপেন বৰা গুছি গৈছিল সেই দিনা আমাৰ মণ্ডল সভাপতিসকল কংগ্ৰেছ দলৰ সভাত মজুত আছিল৷ মই আশাবাদী যে এইবাৰ অসমত আমাৰ ফলাফল ভাল হ’ব৷ এইবাৰৰ নিৰ্বাচন অসম উদ্ধাৰ কৰাৰ নিৰ্বাচন৷ আমি অসম উদ্ধাৰ কৰাৰ সুযোগ পাইছো৷ যদি অসম উদ্ধাৰ হ’ব লাগে তেন্তে হিমন্ত বিশ্ব শৰ্মাক ৰাজনৈতিকভাবে অসমৰ পৰা বিদায় দিব লাগিব৷ তৰুণ গগৈক বিশ্বাসঘাতকতা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই৷ পিতৃৰ দৰে মৰম কৰিছিল৷ বহু ঘাত-প্ৰতিঘাটৰ মাজতো তৰুণ গগৈয়ে গুৰুৰ দৰে, অভিভাৱকৰ দৰে হিমন্ত বিশ্ব শৰ্মাক সংৰক্ষণ দিলে৷ কিন্তু দুৰ্ভাগ্যজনক কথা যে তৰুণ গগৈয়ে কৈছিল যে মই যাক বিশ্বাস কৰিছিলো তেওঁ যে মোৰ পিঠিত ডেগাৰ মাৰিব সেই কথা মই কেনেকৈ জানো৷ এয়াই হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বাসঘাতকতা কৰাৰ চৰিত্ৰ আৰু পৰম্পৰা৷ এতিয়া সেই পৰম্পৰা বিজেপিত ধৰি ৰাখিছে৷ ২০১৬ চনত বিজেপিৰ মুখ্যমন্ত্ৰী হ’ল সৰ্বানন্দ সোণোৱাল৷ ২০২১ চনত পুনৰ সৰ্বানন্দ সোণোৱালক অসমৰ ৰাইজে কাম কৰাৰ সুযোগ দিলে৷ কিন্তু সৰ্বানন্দ সোণোৱালক বিশ্বাসঘাতকতা কৰিলে৷ এজন জানজাতীয় নেতাক শেষ কৰি মুখ্যমন্ত্ৰী পদৰ পৰা আতৰালে৷ প্ৰয়াত তৰুণ গগৈৰ পিছতে সৰ্বানন্দ সোণোৱালক শেষ কৰিলে৷ এয়া হ’ল তেওঁৰ চৰিত্ৰ৷ আজি অসমত বিজেপি বনাম কংগ্ৰেছৰ যুঁজ হোৱা নাই৷ আজিৰ যুজ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ পুৰণি কংগ্ৰেছ বনাম নতুন কংগ্ৰেছৰ মাজত৷ আজি বাজপেয়ী ভৱন, চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ দখলত৷ আমি নতুন বৰ অসমত শান্তি-সম্প্ৰীতি বিচাৰিছো৷ য’ত আমি দুখীয়া মানুহক ভূমিৰ অধিকাৰ দিব পাৰিম৷ আমি জুবিনদাক ন্যায় দিব পাৰিম৷ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ চকীত থকালৈকে জুবিনদাই ন্যায় নাপায়৷ মুখ্যমন্ত্ৰীৰ চকীত বহা মানুহে কথা কওতে চিন্তা কৰিব লাগে, কথাত যুক্তি থাকিব লাগে, কথাত গভীৰতা, মৰ্যাদা থাকিব লাগে৷ এইজন মুখ্যমন্ত্ৰীয়ে পাতল, টুলুঙা, তৰল মন্তব্য দিয়ে৷ মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ নিৰ্বাচনৰ আগতে যদি জুবিনদাক ন্যায় দিব নোৱাৰো তেন্তে বিজেপিক ভোট দিব নালাগে বুলি কৈছিল৷ অহা ৯ এপ্ৰিলত বিৰোধীক ভোট দি হিমন্ত বিশ্ব শৰ্মাক সেই কথা মনত পেলাই দিব লাগে৷

মোৰ ওপৰত, মোৰ পৰিয়াল আৰু কণ কণ সন্তানৰ ওপৰত ব্যক্তিগত আক্ৰমণ কৰা হৈছে৷ মোৰ চাৰি বছৰীয়া, ছয় বছৰীয়া সন্তানৰ লগতে তৰুণ গগৈৰ পৰিয়ালত দাগ লগাব খুজিছে৷ মই স্পষ্ট কৰিছো যে তেওঁ মোৰ গাত কেতিয়াও দাগ লগাব নোৱাৰে৷ ১৫ বছৰ মুখ্যমন্ত্ৰী, দুবাৰকৈ কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকিল তৰুণ গগৈ৷ কিন্তু এটাও দাগ নাই৷ নিজৰ পৰিয়ালৰ নামত নিউজ চেনেল খোলা নাই৷ পৰিয়ালৰ নামত বাগান কিনা নাই৷ পুত্ৰৰ নামত ১৮টা কোম্পানী খোলা নাই৷ খিলঞ্জীয়া জনজাতিৰ মাটি দখল কৰা নাই৷ আমি অসমত বহু মুখ্যমন্ত্ৰী দেখিলো৷ কিন্তু প্ৰথমবাৰৰ বাবে ১২ হাজাৰ বিঘা মাটি নিজৰ নামত কৰা মুখ্যমন্ত্ৰী দেখা পাইছো৷ আজি আজমল আৰু হিমন্ত বিশ্ব শৰ্মা একেই৷ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি৷ হিমন্তই যি কথা কয় তাকেই কৰে আজমলে৷ ২০২৪ চনত ধুবুৰীত আমি আজমলক বিদায় দিছো৷

সভাত ভাষণ প্ৰদান কৰি মিত্ৰদল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে আমি আগন্তুক দিনত নতুন যাত্ৰা আৰম্ভ কৰিছো৷ এই যাত্ৰাত গৌৰৱ গগৈক আমি সেনাপতি পাতিছো৷ এই যাত্ৰাত যাতে আমি লক্ষ্যত উপনীত হ’ব পাৰো তাৰ বাবে ৰাইজৰ আশীৰ্বাদ বিচাৰিছো৷ আজি অসমত চৌদিশে বিৰোধীৰ ধুমুহা আৰম্ভ হৈছে৷ প্ৰথমে বিৰোধীৰ সৰভোগৰ সভা আৰু আজি লখিমপুৰত ৰাইজৰ ব্যাপক উৎসাহ-উদ্দীপনা দেখিছো৷ আজি পৰিৱৰৰ্তনৰ ঢৌ চৌদিশে৷ বিজেপিক উৎখাত কৰাৰ ধুমুহা আহিছে৷ অহা ৯ এপ্ৰিলত এই ধুমুহা চুনামিত পৰিণত হ’ব৷ হিমন্ত বিশ্বৰ সাম্প্ৰদায়িক, হিন্দু-মুছলমানৰ নামত ভাগ ভাগ কৰি যি ঘৃণাৰ ৰাজনীতি কৰি আহিছে তাৰ অৱসান হ’বলৈ বেছি দিন নাই৷ অসমৰ শান্তি-সম্প্ৰীতি, সাতামপুৰুষীয়া ঐক্য ভাঙি ঘৃণা বিয়পাব খুজিছে৷ ধৰ্মৰ নামত বিভাজন, বিভেদ আনিব খুজিছে৷

দেশৰ সংবিধান, ঐতিহ্য, শংকৰদেৱ-আজান, মাধৱদেৱ, স্বৰ্গদেউ চাওলুং চ্যুকাফা, লাচিত বৰফুকনৰ আদৰ্শ ৰক্ষা কৰিবলৈ ৰাইজ আজি ওলাই আহিছে৷ সকলোৱে এটাই কথা কৈছে যে বিজেপিক ওফৰাব লাগে আৰু ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগে৷ ১০ বছৰে অসমৰ ৰাইজক ৰামঠগন দিছে বিজেপিয়ে৷ বিদেশীয়ে তালি-টোপালো বান্ধি যাব লাগিব বুলি কৈ ৫৩ বছৰৰ অতিৰিক্ত বিদেশী অসমত জাপি দিলে৷ গেৰুকামুখলৈ আহি বৃহৎ নদীবান্ধ নালাগে বুলি কৈছিল৷ কিন্তু বৃহৎ নদীবান্ধ খুলি দিলে৷ ছয় জনগোষ্ঠীক জনজাতিকৰণ, চাহ শ্ৰমিকক ৩৫০ টকা, ভূমিৰ অধিকাৰ দিব নোৱাৰিলে, অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী নকৰিলে৷ মুখ্যমন্ত্ৰীয়ে নিজৰ পৰিয়াল-পত্নী-পুত্ৰক ধনী কৰিবলৈ কাম কৰিছে৷ মাথো এটা পৰিয়ালৰ বাবে চৰকাৰে কাম কৰিছে৷ এইখন চৰকাৰৰ কোনো মন্ত্ৰী-বিধায়কৰ কাম নাই৷ আপোনালোকে যি আঁচনি পাই আছিল সকলো আঁচনি পাই থাকিব৷ আপোনালোকে কোনো মিটিঙলৈ যাব নালাগে৷ গুৱাহাটীৰ পৰা গৌৰৱ গগৈয়ে চুইছ টিপি সকলোৰে একাউণ্টত টকা সুমুৱাই দিব৷

আনহাতে, কংগ্ৰেছৰ নিৰ্বাচনী পৰ্যবেক্ষক বন্ধু তিৰ্কীয়ে কয়, ''এইবাৰ অসমৰ ৰাইজে কংগ্ৰেছক ভোট প্ৰদান কৰি হিমন্ত বিশ্ব শৰ্মাক এসেকা দিয়ক। আমাৰ গৌৰৱ গগৈ এনে এজন নেতা যিয়ে হিমন্ত বিশ্ব শৰ্মাৰ চকুত চকু থৈ কথা ক’ব পাৰে৷ এইবাৰ যদি হিমন্ত বিশ্ব শৰ্মাক বিদায় দিব নোৱাৰো তেন্তে কেতিয়াও বিদায় দিব নোৱাৰিম৷ এইবাৰ অসম আৰু দেশ ৰক্ষা কৰিব লাগিব৷ অহা ৯ এপ্ৰিলত কংগ্ৰেছত ভোট দি গৌৰৱ গগৈৰ হাতত শাসন দিয়ক৷ ৰাহুল গান্ধীৰো হাত শক্তিশালী হ’ব৷ অসমৰ মাটি চোৰ, গৰু চোৰ, কয়লা চোৰক এসেকা দিয়ক৷’’

একেদৰে, সভাত ভাগ লৈ চত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ আনগৰাকী নিৰ্বাচনী পৰ্যবেক্ষক ভূপেশ বাঘেলে কয় যে আগৰবাৰ মাথো ৩ হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত হৈছিল জয়প্ৰকাশ দাস৷ এইবাৰ কিমান ভোটত জয়ী কৰাব আপোনালোকে? কেৱল জয় প্ৰকাশ দাসকে নহয় অসমত কংগ্ৰেছৰ সকলো প্ৰাৰ্থিক জয়ী কৰাব লাগিব বুলিও কয় ৱাঘেলে। তেওঁ কয় যে এই যুঁজ আচল আৰু নকল কংগ্ৰেছৰ মাজত হৈছে৷ নকলসকলে মিছা কথা কয় আৰু প্ৰকৃতসকলে প্ৰতিশ্ৰুতি পূৰণ কৰে৷ আজি কংগ্ৰেছৰ নেতৃত্ব দিছে মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, প্ৰিয়ংকাই গান্ধীয়ে৷ অসমত হিতেশ্বৰ শইকীয়া, তৰুণ গগৈয়ে অসমক নেতৃত্ব দিছিল৷ অসমখন সুন্দৰ কৰিছে৷ এইসকল হৈছে প্ৰকৃত কংগ্ৰেছী৷ আনফালে সকলোবোৰ ভেজাল৷ প্ৰতিশ্ৰুতি দি প্ৰৱঞ্চনা কৰে৷ হিমন্ত ভেজাল কংগ্ৰেছী৷ ৫ বছৰ পূৰ্বে আপোনলােকক প্ৰতিশ্ৰুতি দিছিল৷ মোদীক আনি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈছিল৷ কিন্তু ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে৷ দুৰ্নীতি সমাপ্ত কৰিম বুলি কৈছিল৷ কিন্তু দুৰ্নীতি নকমিল৷ আজি গৰু, কয়লা, চুপাৰি চিণ্ডিকেট চলিছে৷ উপস্থিত জনসাধাৰণক প্ৰশ্ন কৰি ভূপেশ ৱাঘেলে কয় যে ভোট চোৰ কোন? কয়লা চোৰ-চুপাৰি চোৰ কোন? আমাৰ শ্ল’গান হ’ব লাগে ‘ভোট চোৰ গাদ্দী ছোড়’৷

উল্লেখ্য যে আজিৰ সভাখনত কেবাখনো জিলাৰ পৰা অহা হাজাৰ হাজাৰ কংগ্ৰেছ সমৰ্থকে অংশগ্ৰহণ কৰে। সভাখনত মিত্ৰদল ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন, চিপিআইএমএলৰ নেতা বিবেক দাসকে ধৰি প্ৰদেশ কংগ্ৰেছৰ কেবাগৰাকী শীৰ্ষৰ নেতা-কৰ্মী উপস্থিত থাকে। আজিৰ সভাত এআইচিচিৰ সম্পাদক মনোজ চৌহান, এআইচিচিৰ মিডিয়া বিভাগৰ নেশ্যনেল কো-অৰ্ডিনেটৰ অৰুণ ত্ৰিপাঠি, হৰ্ষদ শৰ্মা, এপিচিচিৰ সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, ৰৌছন ছেত্ৰী, ঘন চুতীয়া, এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, মিডিয়া বিভাগৰ ৰাজ্যিক সমন্বয়ক গোপাল শৰ্মাও উপস্থিত থাকে। সভাত লখিমপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ঘন বুঢ়াগোঁহাই, নাওবৈচা সমষ্টিৰ প্ৰাৰ্থী ডাঃ জয়প্ৰকাশ দাস, বিহপুৰীয়া সমষ্টিৰ প্ৰাৰ্থী নাৰায়ণ ভূঞা, ঢকুৱাখনা সমষ্টিৰ প্ৰাৰ্থী আনন্দ নৰহেও ভাগ লয়। সভাখনৰ আঁত ধৰে লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি গংগাজ্যোতি টায়েগামে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande