
দৰঙ, ২৯ মাৰ্চ (হি.স.)। ছিপাঝাৰত কংগ্ৰেছৰ প্ৰাক্তন জিলা পৰিষদৰ সদস্যৰ বিজেপিত যোগদান। বিজেপিত যোগদান কৰিলে দৰঙ জিলা পৰিষদৰ প্ৰাক্তন সদস্য বাহাৰুল ইছলামে। ছিপাঝাৰৰ বিজেপি প্ৰাৰ্থী পৰমানন্দ ৰাজবংশীৰ বাসগৃহত যোগদান কৰে জিলা পৰিষদৰ সদস্য গৰাকীয়ে।
এনেদৰে ইজনৰ পিছত সিজনকৈ সংখ্যালঘু কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে। দৰঙ জিলাৰ অন্তৰ্গত বিভিন্ন সমষ্টিত বিজেপি আৰু কংগ্ৰেছ মিত্ৰ জোতৰ প্ৰাৰ্থী সকলে জোৰদাৰ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে।নিৰ্বাচনী প্ৰচাৰ সভাত বতৰে বিঘিনি ঘটোৱা বাবে একাংশ সমষ্টিত ৰাইজৰ পৰা আশানুৰুপ সহাৰি লাভ কৰা নাই বুলি বিজেপিৰ প্ৰাৰ্থী গৰাকী সংবাদ মাধ্যমত উল্লেখ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা