
- এসপ্তাহত সোণৰ মূল্য ২,১০০ ₹ বৃদ্ধি
নতুন দিল্লী, ২৯ মাৰ্চ (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰত আজি দেওবাৰে উৰ্ধগামী ধাৰা দেখা গৈছে। আজিৰ ব্যৱসায়ত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৩,০৯০ টকা বৃদ্ধি পাই ৩,৩৫০ টকা হয়। একেদৰে ৰূপৰ দামো প্ৰতি কিলোগ্ৰামত ৫,১০০ ₹ জঁপিয়াই উঠিছে। ভাৰতত সোণৰ মূল্যবৃদ্ধিৰ বাবে প্ৰায়বোৰ অলংকাৰ বজাৰতে ২৪ কেৰেট সোণৰ ব্যৱসায় প্ৰতি ১০ গ্ৰামত ১,৪৮,০৭০ টকাৰ পৰা ১,৪৮,২২০ ₹ৰ ভিতৰত চলি আছে। ইফালে ২২ কেৰেটৰ সোণৰ বিক্ৰী প্ৰতি ১০ গ্ৰামত ১,৩৫,৭৫০ টকাৰ পৰা ১,৩৫,৯০০ টকাৰ ভিতৰত কৰা হৈছে। ৰূপৰ মূল্যবৃদ্ধিৰ বাবে এই চিকচিকিয়া ধাতুটো আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰামত ২,৪৫,০০০ টকাত বিক্ৰী কৰা হৈছে।
সাপ্তাহিক ভিত্তিত বিগত সপ্তাহৰ ব্যৱসায়ত সোণৰ মূল্য শক্তিশালী হৈছে। ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ২১০০ টকা বৃদ্ধি পাইছে। একেদৰে ২২ কেৰেট সোণৰ মূল্য সাপ্তাহিক ভিত্তিত প্ৰতি ১০ গ্ৰামত ১৯৫০ টকাকৈ অধিক ব্যয়বহুল হৈ পৰিছে। গোটেই সপ্তাহটোত ৰূপৰ মূল্যৰ উঠা-নমা হয়। অৱশ্যে এই উঠা-নমাৰ মাজতো যোৱা সপ্তাহৰ মূল্যত ৰূপৰ মূল্য নিশ্চিত হৈছে। যোৱা সপ্তাহত দেওবাৰে প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য আছিল ২,৪৫,০০০ টকা, আৰু এই চিকচিকিয়া ধাতু এই সপ্তাহতো এই স্তৰত আছে। এইদৰে যোৱা সপ্তাহৰ তুলনাত ৰূপৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই।
দিল্লীত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৮,২২০ টকা, আনহাতে ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩৫,৯০০ টকা। দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামত ১,৪৮,০৭০ টকা আৰু ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামত ১,৩৫,৭৫০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৮,১২০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ দৰ ১,৩৫,৮০০ টকা ।
এই ডাঙৰ চহৰসমূহৰ বাহিৰেও চেন্নাইত ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৪৮,০৭০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেটৰ সোণ ১,৩৫,৭৫০ টকাত বিক্ৰী হৈছে। একেদৰে কলকাতাতো ২৪ কেৰেটৰ সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১,৪৮,০৭০ টকা আৰু ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩৫,৭৫০ টকা। ভূপালত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৮,১২০ টকা, আনহাতে ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩৫,৮০০ টকা।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৪৮,২২০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেটৰ সোণ ১,৩৫,৯০০ টকাত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৮,১২০ টকা, আনহাতে ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩৫,৮০০ টকা। জয়পুৰত ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামত ১,৪৮,২২০ টকা আৰু ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৩৫,৯০০ টকাত বিক্ৰী হৈছে।
সমগ্ৰ দেশৰ আন ৰাজ্যৰ দৰেই আজি কৰ্ণাটক, তেলেংগানা, ওড়িশাৰ অলংকাৰ বজাৰতো সোণৰ মূল্য বৃদ্ধিৰ ধাৰা দেখা গৈছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ, ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৮,০৭০ টকা । একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৩৫,৭৫০ টকা বিক্ৰী কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া