কংগ্ৰেছ মিত্ৰ জোটক তুলাধুনা দি কাৰ্বি আংলঙত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ৰণডংকা
কাৰ্বি আংলং, ২৯ মাৰ্চ (হি.স.)। প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই আৰু কংগ্ৰেছ মিত্ৰ জোটক তুলাধুনা দি কাৰ্বি আংলঙত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ৰণডংকা ৷ কাৰ্বি আংলঙত ক্ৰমাত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ আজি ১০৮ নং বোকাজান বিধান সভা সমষ্টিৰ ব
কংগ্ৰেছ মিত্ৰ জোটক তুলাধুনা দি কাৰ্বি আংলঙত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ৰণডংকা


কাৰ্বি আংলং, ২৯ মাৰ্চ (হি.স.)। প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই আৰু কংগ্ৰেছ মিত্ৰ জোটক তুলাধুনা দি কাৰ্বি আংলঙত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ৰণডংকা ৷ কাৰ্বি আংলঙত ক্ৰমাত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷

আজি ১০৮ নং বোকাজান বিধান সভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সূৰ্য ৰংফাৰৰ সমৰ্থনত হাংজালাংছ' খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ প্ৰায় ১৫ সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ বিজেপিক শক্তিশালী কৰি তুলিবলৈ ৰাইজক আহ্বান জনায় ৷

আজিৰ সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপিয়ে গ্ৰহণ কৰা বিভিন্ন উন্নয়ন মূলক আঁচনি বিশেষকৈ মহিলা, নিবনুৱা আৰু শিক্ষাৰ্থীসকলৰ বাবে লোৱা আঁচনি সমূহৰ খতিয়ান দিয়াৰ লগতে পুনৰ চৰকাৰ আহিলে নতুন-নতুন আঁচনি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ৷ সমষ্টিটোত ৰৈ যোৱা দহ হাজাৰ মহিলাক অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ লগতে মহিলা উদ্যমিতা আঁচনিৰ ধন পঁচিশ হাজাৰলৈ বৃদ্ধি কৰা হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বিজেপিৰ বিগত দহবছৰীয়া শাসন কালত কাৰ্বি আংলং জিলাখনত শান্তি- সম্প্ৰতি বৰ্তি আহিছে ৷ যদিহে কাৰ্বি আংলংৰ ৰাইজে কংগ্ৰেছ আৰু এ.পি.এইচ.এল.চি মিত্ৰজোটক ভোট দি জয়যুক্ত কৰে তেন্তে জিলাখনত বিশৃংখল পৰিস্থিতিৰ লগতে আন্দোলনৰ পৰিৱেশ গঢ়ি উঠিব বুলি মুখ্যমন্ত্ৰীয়ে সভাত উল্লেখ কৰে ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কয় যে তেওঁক আশী বছৰীয়া আইতাৰ পৰা বাইদেউ, ভাই-ভনী সকলোৱে নিজৰ পৰিয়ালৰে এজন বুলি চুমা খায় তাক লৈ ৰাইজৰ দল চিন্তিত হব নালাগে বুলিও উল্লেখ কৰে ৷ তেওঁ হাংজালাংছ’ ত এখন ষ্টেডিয়ামৰ লগতে দুই হাজাৰ আসনযুক্ত এটা প্ৰেক্ষাগৃহ স্থাপন কৰা হব বুলিও উল্লেখ কৰে ৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কাৰ্বি আংলঙৰ পাঁচোটা সমষ্টিতে বিজেপি ৰ প্ৰাৰ্থী জয়লাভ কৰিব বুলি উল্লেখ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande