ডিব্ৰুগড়ত “মন কী বাত” শ্ৰৱণ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নৱীনৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১৩২ সংখ্যক “মন কী বাত” ডিব্ৰুগড়, ২৯ মাৰ্চ (হি.স.)। আজি ২৯ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় অনাঁতাৰ অনুষ্ঠান “মন কী বাত”ৰ ১৩২ সংখ্যক খণ্ডটি দেশজুৰি প্ৰচাৰ হয় ৷ আজিৰ খণ্ডটিৰ জৰিয়তে প্ৰধানমন্ত্ৰী গৰাকীয়ে
ডিব্ৰুগড়ত “মন কী বাত” শ্ৰৱণ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নৱীনে


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১৩২ সংখ্যক “মন কী বাত”

ডিব্ৰুগড়, ২৯ মাৰ্চ (হি.স.)। আজি ২৯ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় অনাঁতাৰ অনুষ্ঠান “মন কী বাত”ৰ ১৩২ সংখ্যক খণ্ডটি দেশজুৰি প্ৰচাৰ হয় ৷ আজিৰ খণ্ডটিৰ জৰিয়তে প্ৰধানমন্ত্ৰী গৰাকীয়ে মধ্য এছিয়াত চলি থকা যুদ্ধৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্ব অশান্ত হৈ আছে যদিও ভাৰতবৰ্ষৰ জনসাধাৰণ শংকিত হোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰে ৷

সমগ্ৰ বিশ্বৰ দেশসমূহৰ লগত ভাৰতবৰ্ষ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সু-সম্পৰ্কৰ বাবেই দেশৰ স্থিতাৱস্থা বাহাল আছে বুলি তেখেতে সদৰী কৰে৷ ইতিমধ্যে ২০ খনতকৈও অধিক খাৰুৱা তেল আৰু গেছ পৰিবাহী জাহাজ ৰাছিয়া, মধ্যপ্ৰাশ্চ্যৰ পৰা সুকলমে ভাৰতবৰ্ষত পদাৰ্পন কৰিছে আৰু কেইবাখনো জাহাজ ভাৰত অভিমুখে ৰাওনা হৈছে ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে চৌদি আৰৱ, ইউএই, কাটাৰ, বাহৰেইন, কুৱেইট, জৰ্দান, ইৰাণ, ফ্ৰান্স, ইজৰাইল, মালেচিয়া আদি বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ সৈতেও সংযোগ স্থাপন কৰা বুলি উল্লেখ কৰে ৷ তদুপৰি আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতেও ফোনযোগে বিভিন্ন আলোচনাত মিলিত হোৱা বুলি প্ৰধানমন্ত্ৰী গৰাকীয়ে বৰ্ণনা কৰে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ১৪০ কোটি জনতাক আশ্বস্ত কৰি কয় যে ভাৰতবৰ্ষত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত থকাৰ লগতে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ প্ৰশাসন সাজু হৈ আছে ৷ বিচ্ছিন্নতাকাৰী শক্তিৰ পৰা দূৰত থাকি সকলো ধৰণৰ উৰা বাতৰি এৰাই চলিবলৈও প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাৰতবৰ্ষৰ নাগৰিকক আহ্বান কৰে ৷ তাৰোপৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে দেশত চলি থকা ক্ৰিকেট মহাৰণৰ বিষয়ে উল্লেখ কৰাৰ লগতে সুদীৰ্ঘ ৭০ বছৰ পিছত ৰঞ্জী ট্ৰফী খিতাপ দখল কৰিবলৈ সক্ষম হোৱা জম্মু-কাশ্মীৰ ৰাজ্যিক ক্ৰিকেট দললৈ শুভেচ্ছা জ্ঞাপন কৰে ৷ দেশৰ বিভিন্ন অঞ্চলৰ পৰাম্পৰাগত শিক্ষা ব্যৱস্থাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে নাগালেণ্ডৰ “মোংগ” শিক্ষা পদ্ধতিৰ লগতে প্ৰধানমন্ত্ৰী সূৰ্য্যঘৰ আঁচনিৰ অধীনত মণিপুৰত হোৱা আমোল পৰিৱৰ্তনৰ কথাও “মন কী বাত”ৰ জৰিয়তে প্ৰকাশ কৰে ৷ আগন্তুক গ্ৰীষ্মকালীন পৰিৱেশৰ লগত মোকামিলা কৰিবলৈ বৰষুণৰ পানী সংৰক্ষণ কৰাৰ লগতে তাৰ উচিত ব্যৱহাৰৰ বাবেও প্ৰধানমন্ত্ৰী গৰাকীয়ে গুৰুত্ব প্ৰদান কৰিবলৈ দেশৰ জনসাধাৰণক আহ্বান জনায় ৷

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজেপয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতি জৰিয়তে দলৰ মুখপাত্ৰ প্ৰাঞ্জল কলিতাই কয় যে অসমৰ ৩৯ খন জিলাৰ ৪৩৩ টা মণ্ডলৰ ২৫ হাজাৰতকৈও অধিক বুথত বিজেপিৰ লক্ষ লক্ষ কাৰ্যকৰ্তাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “মন কী বাত” শ্ৰৱণ কৰে ৷ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমত উপস্থিত হোৱা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নৱীনে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৩৫ আৰু ১৩৭ নং বুথৰ এক সহস্ৰাধিক কাৰ্যকৰ্তাৰ সৈতে “মন কী বাত” কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ তদুপৰি বিশেষ সাংগঠনিক কাৰ্যকলাপৰ উদ্দেশ্যে অসমত উপস্থিত হোৱা বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষে ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদীৰ উপস্থিতিত পলাশবাৰী সমিষ্টিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় অনাঁতাৰ অনুষ্ঠান “মন কী বাত” শ্ৰৱণ কৰে ৷

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande