
তিনিচুকীয়া, ২৮ মাৰ্চ (হি.স.)। অসম গণ পৰিষদৰ মাৰ্ঘেৰিটাৰ মুখ্য কাৰ্যালয়ত কৰ্মী সন্মিলন অনুষ্ঠিত।
আজি অসম গণ পৰিষদ মাৰ্ঘেৰিটা বিধান পৰিষদৰ সভাপতি প্ৰদীপ গগৈ, সাংগঠনিক সম্পাদক মধুময় বৰা, সম্পাদক দীপক শইকীয়া আৰু অসম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সম্পাদক জয়ন্ত বৰাৰ দীপক ঐকান্তিক প্ৰচেষ্টাত মাৰ্ঘেৰিটা অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত ৮৩ নং মাৰ্ঘেৰিটা সমষ্টিৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ উপস্থিতিত কৰ্মী সন্মিলন অনুষ্ঠিত হয়।
অসম গণ পৰিষদ মাৰ্ঘেৰিটা বিধান পৰিষদ সমিতিৰ প্ৰায় ৫০০ ৰ অধিক কৰ্মী আৰু কাৰ্যকৰতা সকল উপস্থিত আছিল। অসম গণ পৰিষদ মাৰ্ঘেৰিটা বিধান পৰিষদ সমিতিৰ সমুহ কৰ্মী আৰু কাৰ্যকৰতা সকলে ৮৩ নং মাৰ্ঘেৰিটা বিধান সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মাক ফুলম গামোচাৰে আদৰণি জনাই।
অসম গণ পৰিষদ কৰ্মী সন্মিলন ভাস্কৰ শৰ্মা ভাষণ প্ৰসংগত কৈ যে ২০১৬,২০২১ চনত বিজেপি আৰু অসম গণ পৰিষদৰ কৰ্মী আৰু কাৰ্যকৰতা সকলৰ একক প্ৰচেষ্টাত দুবাৰ কৈ অসমত চৰকাৰ গঠন হল আৰু এইবাৰ ২০২৬ চনৰ নিৰ্বাচনত বিপুল ভোটত জয়যুক্ত কৰিবলৈ অসম গণ পৰিষদৰ কৰ্মীসকলৰ আহ্বান জনাই।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু