টীয়ক সমষ্টিৰ সূতাৰগাঁৱত নিৰ্বাচনী প্ৰচাৰ অগপ এনডিএ-ৰ প্ৰাৰ্থী বিকাশ শইকীয়াৰ
যোৰহাট, ২৮ মাৰ্চ (হি.স.)। টীয়ক সমষ্টিৰ সূতাৰগাঁৱত নিৰ্বাচনী প্ৰচাৰ অগপ এনডিএ-ৰ প্ৰাৰ্থী বিকাশ শইকীয়াৰ। সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন।সেই অনুসৰি টীয়ক সমষ্টিৰ বিজেপি অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিকাশ শইকীয়াই তীব্রতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচা
টীয়ক সমষ্টিৰ সূতাৰগাঁৱত নিৰ্বাচনী প্ৰচাৰ অগপ এনডিএ-ৰ প্ৰাৰ্থী বিকাশ শইকীয়াৰ


যোৰহাট, ২৮ মাৰ্চ (হি.স.)। টীয়ক সমষ্টিৰ সূতাৰগাঁৱত নিৰ্বাচনী প্ৰচাৰ অগপ এনডিএ-ৰ প্ৰাৰ্থী বিকাশ শইকীয়াৰ। সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন।সেই অনুসৰি টীয়ক সমষ্টিৰ বিজেপি অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিকাশ শইকীয়াই তীব্রতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ। টীয়ক সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী বিকাশ শইকীয়াই টীয়ক সমষ্টিৰ যোৰহাটৰ খঙীয়া মণ্ডলত প্ৰচাৰ চলায়।

প্ৰাৰ্থী গৰাকীয়ে ৬৯ নম্বৰ পশ্চিম খঙীয়া পঞ্চায়তৰ শনিবৰীয়া বজাৰ গৃহ, ৭১ নং খঙিয়া গাঁও পঞ্চায়তৰ দক্ষিণ খঙিয়া ৰংগমঞ্চ, ৬৯ নং পশ্চিম খঙিয়া গাঁও পঞ্চায়তৰ সূতাৰগাঁও নামঘৰ ফিল্ড, বৰআহোম গাঁও খেল পথাৰ, পুৰণি মাটি বাগান ৰংগ মঞ্চত নিৰ্বাচনী প্ৰচাৰ চলায়। উক্ত অঞ্চল সমূহত নিৰ্বাচনী প্ৰচাৰ চলাই বিকাশ শইকীয়াই ৰাইজৰ সৈতে আলাপ আলোচনাত মিলিত হৈ অনাগত দিনত ঐকবদ্ধ ভাৱে বিজয়ৰ সংকল্প লৈ ৰাইজৰ আৰ্শীবাদ গ্ৰহণ কৰে। আজিৰ সমূহ কাৰ্যসূচীত পঞ্চায়ত সমূহৰ বহু শতাধিক কৰ্মীয়ে তথা ৰাইজে প্ৰতিকূল বতৰকো নেওচি সভা সমূহত উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande