
যোৰহাট, ২৮ মাৰ্চ (হি.স.)। যোৰহাট সমষ্টিত বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। সমষ্টিটোৰ সৰ্বত্ৰে প্ৰান্তৰ ৰাইজৰ কাষে কাষে গৈ আৰ্শীবাদ বিচাৰিছে হিতেন্দ্ৰনাথ গোস্বামীয়ে। গৌৰৱ গগৈয়ে মোৰ বিৰুদ্ধে নিৰ্বাচনত যুঁজ দিবলৈ যোৰহাট সমষ্টি বাচি লৈছে মই বেয়া পোৱা নাই ,তেওঁৰ পিতৃ তৰুণ দাৰ লগত মোৰ ভাল সম্পৰ্ক আছিল ,তৰুণ দা থকা হ'লে মোৰ বিৰুদ্ধে নিৰ্বাচন নেখেলে ,গৌৰৱ আহিছে আদৰিছোঁ কিন্তু গৌৰৱক লোকসভাতহে আমি বিচাৰো বা ৰাইজে বিচাৰে।
ৰাজনৈতিক ভাৱে গৌৰৱে ভুল সিদ্ধান্ত লৈছে তেওঁক ৰাইজে লোকসভাত হে বিচাৰে ,বিধান সভাত ৰাইজে তেওঁক গ্ৰহণ নকৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু