
গোলাঘাট, ২৮ মাৰ্চ (হি.স.)। আজি গোলাঘাট জিলাৰ দেৰগাঁৱত এক শোকাৱহ ঘটনা সংঘটিত হৈছে। দেৰগাওঁত ৰেলৰ খুন্দাত নিহত হৈছে এজন লোক।
ৰাঙলিটিং ৰেল ষ্টেচনত সংঘটিত হয় এই ঘটনা।
নিহত ব্যক্তি জন মিছামৰা চাহ বাগিছাৰ অমৰ গুপ্তা বুলি জানিব পৰা গৈছে। ইফালে এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত শোকৰ ছা পৰিছে। স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি লগে লগে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে ঘটনাৰ খবৰ লাভ কৰি ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ লোকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা