
চিৰাং, ২৮ মাৰ্চ (হি.স.)। বিজনীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা
অখিল গগৈৰ সৈতে নিশা বাৰ্তালাপ হোৱা বুলি চৰ্চা চলি থকাক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিশেষ মন্তব্য কৰিবলৈ অস্বীকাৰ কৰে ।
এন ডি এ ত বৰ্তমান ইউপিপিএল নাই ৷ এন ডি এ মানে বিপিএফ বিজেপি ৷ বিটিচিত উন্নয়ণৰ বাবে বিপিএফ আৰু বিজেপিৰ একেলগে থাকিব লাগিব ৷ ইউপিপিএল পৃথকে যিহেতু নিৰ্বাচনত অৱৰ্তীণ হৈছে ৷ প্ৰতিকূল বতৰৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলাই
বিজনীত বিজেপি প্ৰাৰ্থী অৰূপ কুমাৰ দেৰ জয় নিশ্চিত বুলি কয় তেঁও ।
গোকলগোঞ্জত আজিৰ নিৰ্বাচনী সভা বাতিল কৰিলেও গৃহমন্ত্ৰী অমিত শ্বাহে সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলাব ৷ আজিৰ সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী , কেন্দ্ৰীয় মন্ত্ৰী টৌকেন শ্বাহু সহ বহু লোক উপস্থিত থাকে ৷ প্ৰতিকূল বতৰৰ মাজতে সভাত হাজাৰ হাজাৰ লোকৰ সমাগম হয় ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু