কেৰেলমৰএক নম্বৰ শত্ৰু চিপিএম অসমত কংগ্ৰেছৰ বুকুৰ কুটুম ঃ ৰঞ্জীৱ কুমাৰ শৰ্মা
গুৱাহাটী, ২৮ মাৰ্চ(হি.স.)। “নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হোৱাৰ লগে লগে কংগ্ৰেছ আৰু তেওঁলোকৰ মিত্ৰজোঁটসমূহ এটা আলিদোমোজাত আছে৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ মতে ভাৰতবৰ্ষৰ কাৰণে আটাইতকৈ ডাঙৰ চিন্তাৰ কাৰণ হ’ল মাক্সৰ্বাদীবিলাক৷ কিয়নো কেৰ
ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ সংবাদমেল সম্বোধন


গুৱাহাটী, ২৮ মাৰ্চ(হি.স.)। “নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হোৱাৰ লগে লগে কংগ্ৰেছ আৰু তেওঁলোকৰ মিত্ৰজোঁটসমূহ এটা আলিদোমোজাত আছে৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ মতে ভাৰতবৰ্ষৰ কাৰণে আটাইতকৈ ডাঙৰ চিন্তাৰ কাৰণ হ’ল মাক্সৰ্বাদীবিলাক৷ কিয়নো কেৰেলমত কমিউনিষ্ট চৰকাৰ আছে আৰু এই চৰকাৰখনে কেৰেলমখনক ধবংস কৰি পেলাইছে৷

ভাৰতবৰ্ষৰ বাবে কমিউনিষ্টসকলক এক ডাঙৰ প্ৰত্যাহ্বান বুলি বৰ্ণনা কৰি থৈছে কংগ্ৰেছ দলে৷ কিন্তু সেই একেটা কংগ্ৰেছ দলে অসমত চিপিএমৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছে৷ কেৰেলমৰ শত্ৰু চিপিএম অসমত কেনেকৈ মিত্ৰ হ’ল তাৰ উত্তৰ কংগ্ৰেছে অসমবাসীক দিয়াটো উচিত৷ এনেদৰেই কংগ্ৰেছে ভাৰতবৰ্ষৰ মানুহক ঠগী আহিছে৷”– এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ৷ দলৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত মুখপাত্ৰ মানস শৰণীয়াৰ উপস্থিতিত আয়োজিত এক সংবাদমেলত শৰ্মাই লগতে কয় যে কংগ্ৰেছ দলে ইতিমধ্যে অসমৰ নিৰ্বাচনত পৰাজয় স্বীকাৰ কৰি লৈছে৷ কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই অসমৰ নিৰ্বাচনক একেবাৰে গুৰুত্ব প্ৰদান কৰা নাই৷

উল্লেখযোগ্য যে যোৱা ৩ মাৰ্চত প্ৰাৰ্থীত্বৰ প্ৰথম তালিকা প্ৰকাশ কৰা পিছত কংগ্ৰেছ দলে সামাজিক মাধ্যমত অসম সম্পৰ্কীয় কোনোধৰণৰ পোষ্ট ২৭ মাৰ্চ পৰ্যন্ত কৰা নাছিল৷ কিন্তু এই সময়ছোৱাত কেৰেলমৰ সম্পৰ্কীয় প্ৰায় ২০ টাতকৈও অধিক পোষ্ট কংগ্ৰেছে সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফৰ্মৰ জৰিয়তে যোৱা ২৭ মাৰ্চৰ ভিতৰত পৰিৱেশন কৰা পৰিলক্ষিত হৈছে৷ অসমত তেওঁলোকৰ পৰিস্থিতি শোচনীয় বুলি অনুভূত হোৱাৰ পিছতে দলটোৰ কেন্দ্ৰীয় নেতৃত্বই অসমৰ নিৰ্বাচনক আওঁকান কৰি কেৰেলমত ব্যস্ত হৈ পৰা বুলি ৰঞ্জীৱ কুমাৰ শৰ্মাই মতপোষণ কৰে৷ এক কথাত ক’বলৈ হ’লে বৰ্তমান কংগ্ৰেছৰ ৰাজনৈতিকভাৱে পানীত হাঁহ নচৰা অৱস্থা হৈছে৷ এনেধৰণে ৰাজনৈতিকভাৱে সংকুচিত হৈ পৰাৰ বাবেই আজিৰ তাৰিখত কংগ্ৰেছ দল ৰাজ্যখনৰ কেৱল মাত্ৰ ২২ টা মিঞা অধ্যুষিত বিধানসভা সমষ্টিত সীমাবদ্ধ হৈ পৰিছে৷

থলুৱা ভূমিপুত্ৰ খিলঞ্জীয়া লোকৰ আধিপত্য থকা অঞ্চলত কংগ্ৰেছ দলৰ কোনো সাংগঠনিক ভেটি নাই বুলি বৰ্ণনা কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ শৰ্মাই লগতে কয় যে অসমৰ জনসাধাৰণে কংগ্ৰেছ দলক ইতিমধ্যে ৰাজনৈতিকভাৱে নস্যাৎ কৰিছে৷

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande