
বাক্সা, ২৭ মাৰ্চ (হি.স.)। ৰাজ্যত অৰুণোদয় আঁচনিৰ ৯০০০ কৈ টকা লাভ কৰাৰ পিছতে সন্তুষ্টি প্ৰকাশ কৰিছিল হিতাধিকাৰী মহিলা সকলে। কিন্তু তাৰ মাজতে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাই ঠায়ে ঠায়ে প্ৰতিবাদ প্ৰকাশ কৰা পৰিলক্ষিত হয়। নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বাক্সাৰ মথনগুৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাৱদাংগুৰী গাওঁ আৰু লাৱদাংগুৰী পথাৰত একাংশ অৰুণোদয় বঞ্চিত মহিলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
অৰুণোদয় আঁচনিৰ বাবে উপযুক্ত হৈও তথা পূৰ্বতে এই আচনিৰ ধন লাভ কৰাৰ পিছতো এইবাৰ অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হোৱাত ক্ষোভ প্ৰকাশ কৰে মহিলা সকলে। নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত অৰুণোদয় বঞ্চিত মহিলাৰ এই প্ৰতিবাদে বিশেষ তাৎপৰ্য বহন কৰা পৰিলক্ষিত হৈছে। আৰ্থিকভাৱে দুৰ্বল, স্বামীহাৰা তথা বৃদ্ধ মহিলাই কি কাৰণত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ল তাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক কঠোৰ সমালোচনা কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা