তিতাবৰত নিৰ্দলীয় প্ৰাৰ্থী ভাস্কৰ জ্যোতি বৰুৱাৰ কাৰ্য্যালয় মুকলি
যোৰহাট, ২৭ মাৰ্চ (হি.স.)। তিতাবৰত কেইবা শতাধিক সমৰ্থকক লগত লৈ ৰাইজৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাৰ আনুষ্ঠানিক ভাৱে কাৰ্য্যালয় মুকলি । তিতাবৰ নগৰত ধূপ– বন্তি জ্বলাই ফিটা কাটি আনুষ্ঠানিক ভাবে নিৰ্বাচনী কাৰ্য্যালয় মুকলি কৰি
তিতাবৰত নিৰ্দলীয় প্ৰাৰ্থী ভাস্কৰ জ্যোতি বৰুৱাৰ কাৰ্য্যালয় মুকলি


যোৰহাট, ২৭ মাৰ্চ (হি.স.)। তিতাবৰত কেইবা শতাধিক সমৰ্থকক লগত লৈ ৰাইজৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাৰ আনুষ্ঠানিক ভাৱে কাৰ্য্যালয় মুকলি । তিতাবৰ নগৰত ধূপ– বন্তি জ্বলাই ফিটা কাটি আনুষ্ঠানিক ভাবে নিৰ্বাচনী কাৰ্য্যালয় মুকলি কৰি নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে। ৰাইজৰ বিপুল সমৰ্থনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ম বুলি সংবাদ মাধ্য়মৰ সন্মুখত মন্তব্য কৰে।

অনুষ্ঠানতেই বিজেপি দলৰ পৰা সদ্য পদত্যাগ কৰা বিজেপি দলৰ গ্ৰাম্য মণ্ডলৰ সভাপতি ৰুবুল তামূলী, যুৱ মৰ্চাৰ তিতাবৰ মণ্ডলৰ উপ সভাপতি অনিল বিলাস গগৈ, সক্ৰিয় সদস্য বকুল শইকীয়াই তিতাবৰৰ স্বভিমানৰ ৰক্ষা কৰিবলৈ আনুষ্ঠানিক ভাৱে নিৰ্দলীয় প্ৰাৰ্থী ভাস্কৰ জ্যোতি বৰুৱাৰ লগত যোগদান কৰি বিপুল ভোটৰ ব্যৱধানত জয় - যুক্ত কৰিবলৈ সংকল্প গ্ৰহণ কৰে।

অনুষ্ঠানত যোগদান কৰি গ্ৰাম্য মণ্ডলৰ সভাপতি সদ্য পদত্যাগী ৰুবুল তামুলীয়ে আবেগিক হৈ দল এৰি হুকহুকাই কান্দি উঠি কিবা পোৱাৰ আশাত নিৰ্দলীয় প্ৰাৰ্থী ভাস্কৰ বৰুৱাক সমৰ্থন কৰিবলৈ অহা নাই বুলি উল্লেখ কৰি তিতাবৰৰ ৰাইজৰ স্বভিমানৰ বাবেহে নিৰ্দলীয় প্ৰাৰ্থী গৰাকীক মুকলি সমৰ্থন আগবঢ়াইছে বুলি মন্তব্য কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande