টিংখাঙত সদৌ অসম বংগীয় অসমীয়া সমাজৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস সম্পন্ন
ডিব্ৰুগড়, ২৭ মাৰ্চ (হি.স.)। টিংখাঙত সদৌ অসম বংগীয় অসমীয়া সমাজৰ ২৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস সম্পন্ন। অসমত জন্ম গ্ৰহণ কৰা আৰু অসমক মাতৃজ্ঞান কৰি অসমৰ মাটি ,পানী, বায়ুৰ সৈতে একাত্ম হৈ বৃহত্তৰ অসমীয়া জাতি গঠনত মৰ্যাদা সহকাৰে একাত্ম হোৱাৰ
টিংখাঙত সদৌ অসম বংগীয় অসমীয়া সমাজৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস সম্পন্ন


টিংখাঙত সদৌ অসম বংগীয় অসমীয়া সমাজৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস সম্পন্ন


ডিব্ৰুগড়, ২৭ মাৰ্চ (হি.স.)। টিংখাঙত সদৌ অসম বংগীয় অসমীয়া সমাজৰ ২৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস সম্পন্ন। অসমত জন্ম গ্ৰহণ কৰা আৰু অসমক মাতৃজ্ঞান কৰি অসমৰ মাটি ,পানী, বায়ুৰ সৈতে একাত্ম হৈ বৃহত্তৰ অসমীয়া জাতি গঠনত মৰ্যাদা সহকাৰে একাত্ম হোৱাৰ উদ্দেশ্যেৰে ২০০০ চনত প্ৰতিষ্ঠা লাভ কৰিছিল সদৌ অসম বংগীয় সমাজ ।

টিংখাঙৰ পোৱালী পথাৰ শ্ৰীহৰি মন্দিৰৰ খেল পথাৰত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত মুকলি সভাত সভাপতিত্ব কৰে সদৌ অসম বংগীয় অসমীয়া সমাজৰ ভাৰপ্ৰাপ্ত সভাপতি পান্নাপাল পালে। সভাত টিংখাং সমষ্টিৰ প্ৰাক্তন বিধায়ক অনুপ ফুকন, সদৌ অসম বংগীয় অসমীয়া সমাজৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক এঞ্জয় দেৱ , মুখ্য উপদেষ্টা সত্য দেৱ , দীপক দাস , ব্ৰহ্মানন্দ বৰুৱা , অজয় বাইলুং, গণেশ গগৈ , কাজল দে আদি বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোক সকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande