টিহুত কংগ্ৰেছ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীৰ নিৰ্বাচনী প্ৰচাৰ
নলবাৰী, ২৭ মাৰ্চ (হি.স.)। এতিয়া নিৰ্বাচনৰ বতৰ । সকলোতে বলিছে এতিয়া নিৰ্বাচনী বতাহ । আকৰ্ষণীয় হৈ পৰিছে টিহু বিধান সভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ । বিজেপি প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰী আৰু কংগ্ৰেছ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীয়ে চলাইছে ব্যাপক নিৰ্বাচনী প্
টিহুত কংগ্ৰেছ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীৰ নিৰ্বাচনী প্ৰচাৰ


নলবাৰী, ২৭ মাৰ্চ (হি.স.)। এতিয়া নিৰ্বাচনৰ বতৰ । সকলোতে বলিছে এতিয়া নিৰ্বাচনী বতাহ । আকৰ্ষণীয় হৈ পৰিছে টিহু বিধান সভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ । বিজেপি প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰী আৰু কংগ্ৰেছ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীয়ে চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ।

শুক্ৰবাৰে পুৱাৰে পৰা কংগ্ৰেছ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীয়ে জলখানা-ভঠুৱাখানা গাঁও পঞ্চায়তৰ লখুপুৰ, নিজখানা, কঠালমুৰা আদি অঞ্চলত ঘৰে ঘৰে চলাই নিৰ্বাচনী প্ৰচাৰ । নিৰ্বাচনৰ সময়ত হে দেখা দিয়া চন্দ্ৰমোহন পাটোৱাৰীক এইবাৰ বাদ দি সাধাৰণ পৰিয়ালৰ পৰা আহি সদাই ৰাইজৰ লগত থকা কংগ্ৰেছ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীক এইবাৰ ভোট দি জয়যুক্ত কৰিবলৈ অনুৰোধ জনাই ৰাতুল পাটোৱাৰীয়ে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande