
শিৱসাগৰ, ২৭ মাৰ্চ (হি.স.)। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত খনামুখত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। আজি পুৱাৰে পৰা ভাৰতীয় জনতা পাৰ্টীৰ ৰংপুৰ মণ্ডলৰ সভাপতি সূৰ্য কাগয়ুং ৰ নেতৃত্বত খনামুখৰ ভিতৰুৱাল, পেকমনীয়া, ন-পাম, ডিমৰুগুৰি আদি অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায় ।
উক্ত নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যসূচীত বিজেপিৰ ৰংপুৰ মণ্ডলৰ অবিচি মৰ্চাৰ সধাৰণ সম্পাদক পংকজ শইকীয়া, পল্লৱী দত্ত সহ কেইবা জনো নেতা আৰু শতাধিক ৰাইজ উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু