সংসদ ভৱন পৰিসৰত আৰজেডিৰ সাংসদৰ প্ৰতিবাদ, বিহাৰত সংৰক্ষণৰ সীমা বৃদ্ধিৰ দাবী
নতুন দিল্লী, ২৭ মাৰ্চ (হি.স.)। ৰাষ্ট্ৰীয় জনতা দলৰ সাংসদসকলে শুকুৰবাৰে সংসদ ভৱন পৰিসৰৰ মকৰ দ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰি বিহাৰত সংৰক্ষণৰ পৰিমাণ ৬৫ শতাংশৰ পৰা ৮৫ শতাংশলৈ বৃদ্ধি, ২০২৩ চনৰ জাতি সমীক্ষাৰ ভিত্তিত জনসংখ্যা অনুপাত অনুসৰি বৃদ্ধি পোৱা সংৰক্ষ
संसद भवन परिसर में मकर द्वार पर आरक्षण सीमा बढ़ाने और एलपीजी उपलब्धता समेत विभिन्न मांगों को लेकर मीसा भारती की अगुआई में राजद सांसदों का विरोध प्रदर्शन।


নতুন দিল্লী, ২৭ মাৰ্চ (হি.স.)। ৰাষ্ট্ৰীয় জনতা দলৰ সাংসদসকলে শুকুৰবাৰে সংসদ ভৱন পৰিসৰৰ মকৰ দ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰি বিহাৰত সংৰক্ষণৰ পৰিমাণ ৬৫ শতাংশৰ পৰা ৮৫ শতাংশলৈ বৃদ্ধি, ২০২৩ চনৰ জাতি সমীক্ষাৰ ভিত্তিত জনসংখ্যা অনুপাত অনুসৰি বৃদ্ধি পোৱা সংৰক্ষণ কোটা সংবিধানৰ নৱম অনুসূচীত অন্তৰ্ভুক্ত কৰা, এল পি জি চিলিণ্ডাৰ উপলব্ধ কৰোৱাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

সাংসদ মিছা ভাৰতীৰ নেতৃত্বত এই প্ৰতিবাদ কৰা হৈছিল। তেওঁৰ সৈতে যোগদান কৰে সাংসদ সঞ্জয় যাদৱ, অভয় কুশৱাহা, অনিল কুমাৰ যাদৱ,কে ধৰি আৰজেডিৰ আন আন সাংসদসকলে।

আৰজেডিৰ সাংসদ মিছা ভাৰতীয়ে কয় যে পেট্ৰ’ল-ডিজেলৰ আবকাৰী শুল্ক হ্ৰাস কৰা হৈছে যদিও দেশত এই সম্পদসমূহৰ উপলব্ধতা অস্থায়ী হৈয়েই আছে। এল পি জি, পেট্ৰ’ল, ডিজেলৰ বাবে দীঘলীয়া শাৰীৰ সাক্ষী হৈ পৰিছে।

আৰজেডিৰ সাংসদ সঞ্জয় যাদৱে কয় যে ২০২২ চনত বিহাৰত মহামৰ্চা (গ্ৰেণ্ড এলায়েন্স)ৰ চৰকাৰ ক্ষমতাত থকাৰ সময়ত আৰ্থ-সামাজিক সমীক্ষা চলোৱা হৈছিল। ইয়াৰ ভিত্তিত বিহাৰত জাতিভিত্তিক সংৰক্ষণৰ সীমা ৭৫ শতাংশ নিৰ্ধাৰণ কৰা হৈছিল, য’ত ৬৫ শতাংশ সংৰক্ষিত আছিল দলিত, অ’বিচি, আৰু জনজাতীয় লোকৰ বাবে। বিহাৰ কেবিনেটে এটা প্ৰস্তাৱ গৃহীত কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰি সংবিধানৰ নৱম অনুসূচীত অন্তৰ্ভুক্ত কৰিবলৈ প্ৰেৰণ কৰে যদিও প্ৰায় তিনি বছৰৰ পাছতো কেন্দ্ৰীয় চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। তেওঁ অভিযোগ কৰে যে কেন্দ্ৰীয় আৰু ৰাজ্যিক নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স চৰকাৰৰ মনোভাৱ দলিত, অ’বিচি, আৰু জনজাতীয় বিৰোধী।

পশ্চিম এছিয়াৰ সংঘাত সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে সকলো মুখ্যমন্ত্ৰীৰ সৈতে হোৱা ভাৰ্চুৱেল বৈঠকৰ কথা উল্লেখ কৰি আৰজেডিৰ সাংসদ অভয় কুশৱাহাই কয় যে এনে আলোচনা হ’ব লাগে আৰু কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতি সন্দৰ্ভত ৰাজ্যসমূহক সম্পূৰ্ণ তথ্য প্ৰদান কৰিব লাগে। নাগৰিকৰ সৈতে তথ্য বিনিময় কৰিলেও পৰিস্থিতিৰ প্ৰভাৱ কমোৱাত সহায়ক হ’ব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande