
নতুন দিল্লী, ২৭ মাৰ্চ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱনত কেন্দ্ৰীয় শক্তি অভিযান্ত্ৰিক সেৱা (চিপিইএছ) আৰু ভাৰতীয় অৰ্থনৈতিক সেৱা (আইইএছ)ৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ দেশৰ সামগ্ৰিক উন্নয়নত উল্লেখযোগ্য অৱদান আগবঢ়াবলৈ উৎসাহিত কৰে।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই বিষয়াসকল দেশৰ প্ৰগতিৰ ক্ষেত্ৰত আগৰণুৱা আৰু তেওঁলোকৰ সিদ্ধান্তই দেশখনক শক্তিশালী আৰু স্বাৱলম্বী কৰি তোলাত সহায় কৰিব। তেওঁ বিষয়াসকলক নিষ্ঠা আৰু আবেগেৰে কাম কৰিবলৈ, প্ৰত্যাহ্বানক সুযোগ হিচাপে আকোৱালি ল’বলৈ, উদ্ভাৱন আৰু নিৰন্তৰ শিক্ষণৰ মনোভাৱ বজাই ৰাখিবলৈ পৰামৰ্শ দিয়ে।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বিদ্যুৎ হৈছে ঔদ্যোগিক বিকাশ, উদ্ভাৱন আৰু উন্নত জীৱন ধাৰণৰ মূল শিলাস্তম্ভ। এই সেৱাই উৎপাদন, সংবহন, আৰু বিতৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে আৰু দেশৰ শক্তি আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। তেওঁ কয় যে পৰিৱৰ্তিত বিশ্ব আৰু ঘৰুৱা পৰিৱেশত অৰ্থনৈতিক নীতি প্ৰণয়ন আৰু ইয়াৰ ফলপ্ৰসূ ৰূপায়ণ পূৰ্বতকৈ অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। বহনক্ষম বৃদ্ধি নিশ্চিত কৰা, মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰা, নিয়োগ সৃষ্টি কৰা, আৰু বৈষম্য হ্ৰাস কৰাত এই বিষয়াসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হ’ব।
তেওঁ বিষয়াসকলক সদায় মনত ৰাখিবলৈ পৰামৰ্শ দিয়ে যে প্ৰতিটো পৰিসংখ্যাৰ আঁৰত এটা মানৱীয় কাহিনী নিহিত হৈ থাকে। অৰ্থনৈতিক নীতিৰ প্ৰকৃত পৰীক্ষা কেৱল পৰিসংখ্যাই নহয়, ইয়াৰ ফলাফলহে। ইয়াৰ উদ্দেশ্য হ’ব লাগে মানুহৰ জীৱন উন্নত কৰা, বিশেষকৈ যিসকল অতি দুৰ্বল।
हिन्दुस्थान समाचार / অৰৱিন্দ