পাথাৰকান্দিত আৰক্ষীৰ অভিযানত ৪০০ কেজি গাঞ্জা জব্দ
শ্ৰীভূমি, ২৭ মাৰ্চ (হি.স.)। শ্ৰীভূমিৰ পাথাৰকান্দিত আৰক্ষীৰ তালাচীত জব্দ বুজন পৰিমাণৰ গাঞ্জা । ত্ৰিপুৰাৰ পৰা এখন কণ্টেইনাৰ ট্ৰাকেৰে কঢ়িয়াই নিয়াৰ সময়ত ৩৮টা পেকেটত জব্দ ৪০০ কেজি গাঞ্জা । কেবিনৰ ভিতৰত গোপন চেম্বাৰ বনাই গাঞ্জা খিনি সৰবৰাহৰ পৰিকল্পন
পাথাৰকান্দিত আৰক্ষীৰ অভিযানত ৪০০ কেজি গাঞ্জা জব্দ


শ্ৰীভূমি, ২৭ মাৰ্চ (হি.স.)। শ্ৰীভূমিৰ পাথাৰকান্দিত আৰক্ষীৰ তালাচীত জব্দ বুজন পৰিমাণৰ গাঞ্জা । ত্ৰিপুৰাৰ পৰা এখন কণ্টেইনাৰ ট্ৰাকেৰে কঢ়িয়াই নিয়াৰ সময়ত ৩৮টা পেকেটত জব্দ ৪০০ কেজি গাঞ্জা । কেবিনৰ ভিতৰত গোপন চেম্বাৰ বনাই গাঞ্জা খিনি সৰবৰাহৰ পৰিকল্পনা কৰিছিল ।

আৰক্ষীয়ে পিছে পিছে খেদাৰ উমান পাই ট্ৰাক ৰখাই পলায়ন কৰে চালকে ।

এনএল ০১ কে ৪৪৩২ নম্বৰৰ গাড়ীৰ পৰা আছিমগঞ্জ বাইপাছত জব্দ কৰা হয় গাঞ্জা খিনি। জব্দ হোৱা গাঞ্জা খিনিৰ বজাৰমূল্য ২ কোটি ২১ লাখ টকা ।

আৰক্ষীয়ে চালকৰ সন্ধানত চলাইছে অভিযান l

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande