
কোকৰাঝাৰ ২৭ মাৰ্চ (হি.স.): শ্ৰীৰামপুৰৰ পৰা ধুবুৰীৰ ফুলবাৰী লৈ চলি থকা ফ্লাই অভাৰৰ নিৰ্মাণ কাৰ্যক লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ অসন্তোষ দেখা দিছে। অভিযোগ অনুসৰি, নিৰ্মাণকাৰ্যৰ পৰিকল্পনাত কিছু গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছে, যাৰ ফলত আগন্তুক দিনত যান-জঁট আৰু সুৰক্ষাজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে বুলি ৰাইজে আশংকা প্ৰকাশ কৰিছে।
স্থানীয় লোকসকলে কয় যে, এই উৰণীয়া সেতুৰ নিৰ্মাণৰ নিৰ্দিষ্ট ঠাইত দুটা অতিৰিক্ত পিলাৰ স্থাপন নকৰিলে ৰাস্তা ব্যৱস্থা সুৰক্ষিত নহ’ব আৰু যানবাহনৰ চলাচলত অসুবিধা বৃদ্ধি পাব। ইফালে বিদ্যালয় আছে ছাত্ৰ ছাত্ৰীৰ বাবেও যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব। এই দাবীক লৈ ইতিমধ্যে মূখ্যমন্ত্ৰী, ডেপুটি কমিচনাৰ, নেশ্যনেল হাইৱে কৰ্তৃপক্ষক আৰু গোসাঁইগাঁও মহকুমাধিপতিক বিষটোলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে।
ৰাইজৰ দাবী মতে, সংশ্লিষ্ট বিভাগ আৰু ঠিকাদাৰী সংস্থাই তৎকালীনভাৱে বিষয়টো পৰ্যালোচনা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা, স্থানীয় ৰাইজে ধৰ্ণা কাৰ্য্যসূচী গ্ৰহণ কৰাৰ সকীয়নি প্ৰদান কৰিছে।
ইয়াৰ লগতে ৰাইজে জনায় যে, যদি সময়মতে সমস্যাৰ সমাধান কৰা নহয়, তেন্তে তেওঁলোকে বৃহৎ আন্দোলনৰ পথ অৱলম্বন কৰিবলৈ বাধ্য হ’ব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ