শিলচৰত গ্ৰেপ্তাৰ নাইজেৰিয়াৰ নাগৰিক, আশ্ৰয় দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ আন চাৰিজন
কাছাৰ, ২৭ মাৰ্চ (হি.স.)। কাছাৰ জিলাৰ শিলচৰত আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত এজন নাইজেৰিয়ান নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। শুকুৰবাৰে আৰক্ষীয়ে জনোৱা মতে, তেওঁক আশ্ৰয় দিয়াৰ অভিযোগত আন চাৰিজন লোককো আটক কৰা হৈছে। আৰক্ষীৰ মতে, নিৰ্দিষ্ট তথ্যৰ ভিত্ত
Image of the Nigerian National Arrested in Silchar; Four Others Held for Sheltering Him


কাছাৰ, ২৭ মাৰ্চ (হি.স.)। কাছাৰ জিলাৰ শিলচৰত আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত এজন নাইজেৰিয়ান নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। শুকুৰবাৰে আৰক্ষীয়ে জনোৱা মতে, তেওঁক আশ্ৰয় দিয়াৰ অভিযোগত আন চাৰিজন লোককো আটক কৰা হৈছে।

আৰক্ষীৰ মতে, নিৰ্দিষ্ট তথ্যৰ ভিত্তিত শিলচৰৰ শিলচৰ পট্টি অঞ্চলত বিচৰণ কৰি থকা অৱস্থাত সন্দেহযুক্ত বিদেশী নাগৰিকজনক আটক কৰা হয়। ধৃত ব্যক্তিজনৰ নাম ইমেকা আচেডো বুলি কোৱা হৈছে।

অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত পালে সংবাদ মাধ্যমৰ আগত কয় যে সন্দেহজনক লোকজনৰ হাতত ভাৰতত প্ৰৱেশ বা থকাৰ কোনো বৈধ নথি-পত্ৰ নাছিল, যাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। সন্দেহৰ ভিত্তিত আৰক্ষীয়ে মালুগ্ৰামৰ এটা ভাড়াঘৰত তালাচী চলাই এখন পৰিচয় পত্ৰ আৰু ম্যাদ উকলি যোৱা ভিছা উদ্ধাৰ কৰে। অৱশ্যে পৰিচয় পত্ৰখন আচল নে নকল সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও ইয়াত ইমেকা এচেডোৰ নাম আছে।

প্ৰাথমিক জেৰাৰ সময়ত অভিযুক্তই দিল্লীৰ পৰা শিলচৰলৈ অহা বুলি দাবী কৰিছিল যদিও ম্যানমাৰৰ পৰা মিজোৰাম হৈ ভাৰতত প্ৰৱেশ কৰিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

তদন্তত তেওঁ মালুগ্ৰাম অঞ্চলৰ এটা ভাড়াঘৰত বাস কৰা বুলিও জানিব পৰা গৈছে। এই গোচৰত আৰক্ষীয়ে আটক কৰিছে মিজো মহিলা মালছামী ডাংগীৰ লগতে ঘৰৰ মালিক টিংকু হুছেইন বৰভূঞা আৰু তেওঁৰ পত্নী ৰুমিনা বেগম বৰভূঞাক।

বিদেশী নাগৰিকজন গোপনে শিলচৰত বাস কৰিছিল নে কাৰোবাৰ সহায় লৈ আহিছিল সেয়া সম্প্ৰতি স্পষ্ট হোৱা নাই। তেওঁৰ ইয়ালৈ অহাৰ উদ্দেশ্যৰ ওপৰতো তদন্ত অব্যাহত আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande