
তামুলপুৰ, ২৭ মাৰ্চ (হি.স.)। নাওকাটাত এনডিএ প্ৰাৰ্থীৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন। অসম বিধান সভাৰ ৯ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে তৎপৰতা বৃদ্ধি কৰিছে। নৱ গঠিত ৪৪ নং বিধান সভা সমষ্টিৰ এনডিএ সমৰ্থিত বিজেপি প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়টো উদ্বোধন কৰা হয়।
নাওকাটাত শুকুৰবাৰে কাৰ্যালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিটিচিৰ ইএম তথা বিপিএফ নেতা গনেশ কছাৰীয়ে। কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত বিটিচিৰ আন এগৰাকী ইএম তথা বিপিএফৰ তামুলপুৰ জিলাৰ সভাপতি মহেশ্বৰ বসুমতাৰী, ৰাজ্যিক বিজেপিৰ মুখাপাত্ৰ মানস শৰণীয়া আৰু অগপৰ কলিমুদ্দিন আহমেদকে ধৰি তিনিওটা ৰাজনৈতিক দলৰ কেইবা গৰাকী নেতা আৰু কৰ্মী উপস্থিত থাকে।
আনহাতে সমষ্টিটোত এনডিএৰ মনোনীত প্ৰাৰ্থী গৰাকীয়ে বিপুল ভোটত জয়ী হ'ব বুলি দৃঢ় মন্তব্য সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে বিটিচিৰ ইএম গনেশ কছাৰীয়ে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু