নিৰাপদে গুজৰাটৰ কণ্ডলা বন্দৰত উপস্থিত হৈছে এল পি জি কঢ়িয়াই অনা ‘জগ বসন্ত’ জাহাজখন
কচ্ছ, ২৭ মাৰ্চ (হি.স.)। মধ্যপ্ৰাচ্যত অব্যাহত থকা উত্তেজনা আৰু ষ্ট্ৰেইট অৱ হৰমুজ সাগৰীয় পথৰ প্ৰতি ভাবুকি বৃদ্ধি পোৱাৰ মাজতে ভাৰতে লাভ কৰিছে কিছু আদৰণীয় খবৰ। শুকুৰবাৰে গুজৰাটৰ কণ্ডলা বন্দৰত এল পি জি কঢ়িয়াই ভাৰতৰ ‘জগ বসন্ত’ জাহাজখন নিৰাপদে উপস্থিত
જગ વસંત


কচ্ছ, ২৭ মাৰ্চ (হি.স.)। মধ্যপ্ৰাচ্যত অব্যাহত থকা উত্তেজনা আৰু ষ্ট্ৰেইট অৱ হৰমুজ সাগৰীয় পথৰ প্ৰতি ভাবুকি বৃদ্ধি পোৱাৰ মাজতে ভাৰতে লাভ কৰিছে কিছু আদৰণীয় খবৰ। শুকুৰবাৰে গুজৰাটৰ কণ্ডলা বন্দৰত এল পি জি কঢ়িয়াই ভাৰতৰ ‘জগ বসন্ত’ জাহাজখন নিৰাপদে উপস্থিত হয়।

বিশ্বব্যাপী ইন্ধন যোগান ব্যাহত হোৱাৰ আশংকাৰ মাজতে আজি গুজৰাটৰ কণ্ডলা বন্দৰত ‘জগ বসন্ত’ নামৰ বৃহৎ এল পি জি কাৰ্গো জাহাজখন নিৰাপদে উপস্থিত হয়। ‘জগ বসন্ত’ জাহাজখনে ভাৰতলৈ প্ৰায় ৪২ হাজাৰৰ পৰা ৪৬ হাজাৰ মেট্ৰিক টন তৰলীকৃত পেট্ৰলিয়াম গেছ (এল পি জি) কঢ়িয়াই লৈ ফুৰিছে। হৰমুজ জলদ্বীপত বৃদ্ধি পোৱা সামৰিক উত্তেজনাৰ মাজতে জাহাজখনৰ গন্তব্যস্থানত নিৰাপদে উপস্থিত হোৱাটো কেৱল কাৰিকৰী সফলতাই নহয়, ভাৰতৰ বাবে এক বৃহৎ কৌশলগত সফলতাও বুলি বিবেচিত হৈছে।

জাহাজখন কণ্ডলা বন্দৰত উপস্থিত হোৱাৰ লগে লগে গেছ নমাই অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ প্ৰস্তুতি চলোৱা হয়। বিষয়াসকলৰ মতে, সাগৰত থকা সৰু সৰু জাহাজলৈ এল পি জি স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আৰম্ভ হ’ব, যাতে গেছটো যিমান পাৰি সোনকালে বিভিন্ন বটলিং প্লাণ্টলৈ পৰিবহণ কৰিব পৰা যায়।

কিছুদিনৰ পৰা এল পি জি আৰু পেট্ৰ’ল-ডিজেলৰ নাটনিক লৈ ব্যাপক উদ্বেগ আৰু উৰাবাতৰি চলি আহিছে। এই সময়ত দেশত ইমান বৃহৎ ষ্টকৰ আগমনে বজাৰখন সুস্থিৰ কৰি তুলিব আৰু জনসাধাৰণৰ আস্থা বৃদ্ধি কৰিব। দেশত পৰ্যাপ্ত পৰিমাণৰ ইন্ধনৰ মজুত থকা বুলিও চৰকাৰে বাৰে বাৰে আশ্বাস দি আহিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande