
নতুন দিল্লী, ২৭ মাৰ্চ (হি.স.)। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে শনিবাৰে ঝাৰখণ্ড ভ্ৰমণ কৰিব । কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এইটোৱেই হ’ব তেওঁৰ প্ৰথম আনুষ্ঠানিক ভ্ৰমণ আৰু প্ৰশাসনিক প্ৰস্তুতি সম্পূৰ্ণ হৈছে।
এই ভ্ৰমণৰ সময়ত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে খুঁটি জিলাৰ উলিহাতু গাঁও ভ্ৰমণ কৰিব, য’ত তেওঁ মহানেতা বীৰছা মুণ্ডাৰ জন্মস্থানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তেওঁ বীৰছা মুণ্ডাৰ পৰিয়াল আৰু বংশধৰসকলৰ সৈতেও সাক্ষাৎ আৰু মত বিনিময় কৰিব।
ইয়াৰ পিছত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে ৰাঁচীৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ ১৫ সংখ্যক বাৰ্ষিক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি উজ্জ্বল ভৱিষ্যতৰ বাবে অনুপ্ৰাণিত কৰিব ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া