
গড়ৱা, ২৭ মাৰ্চ (হি.স.)। ঝাৰখণ্ডৰ গড়ৱা জিলাৰ ৰামকাণ্ডা আৰক্ষী থানা এলেকাত বৃহস্পতিবাৰে গভীৰ নিশা মহা অষ্টমীৰ দিনা এক শোভাযাত্ৰাত শিলগুটি নিক্ষেপ কৰাৰ পিছত পৰিস্থিতি উত্তেজিত হৈ পৰিছে। এই ঘটনাত ৬ জন আৰক্ষী আৰু কেইবাজনো সাধাৰণ নাগৰিক আহত হয়। আৰক্ষীয়ে জব্দ কৰিছে ১২খনতকৈও অধিক মটৰ চাইকেল। সমগ্ৰ অঞ্চলটোক আৰক্ষী শিবিৰলৈ ৰূপান্তৰিত কৰা হৈছে। পালামুৰ ডি আই জি কৌশল কিশোৰ আৰু গড়হৱাৰ এছ পি অমন কুমাৰে ঘটনাস্থলী পৰিদৰ্শন কৰে।
এটা সম্প্ৰদায়ে অভিযোগ কৰে যে কৌআখোহ শিৱ মঞ্চৰ সমীপত এটা বিশেষ সম্প্ৰদায়ৰ সদস্যই শোভাযাত্ৰাটো আগবাঢ়িবলৈ বাধা দিছিল। ডি আই জিয়ে উল্লেখ কৰে যে ৰাম নৱমীৰ প্ৰাকক্ষণত আৰক্ষীৰ সুৰক্ষাত শোভাযাত্ৰা উলিয়াই অনা হৈছিল। ডি আই জিয়ে কয় যে শোভাযাত্ৰাত শিলগুটি নিক্ষেপ কৰা হৈছিল। আৰক্ষীয়ে মৃদু বল প্ৰয়োগ কৰি কন্দুৱা গেছৰ গুলী নিক্ষেপ কৰি ৰাইজক ছত্ৰভংগ দিয়ে। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে। তেওঁ উল্লেখ কৰে যে দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আহত সকল চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
গড়হৱাৰ আৰক্ষী অধীক্ষক অমন কুমাৰে কয় যে শোভাযাত্ৰা সন্দৰ্ভত দুটা সম্প্ৰদায়ৰ মাজত বিবাদৰ সৃষ্টি হৈছে। বুধবাৰেও সামান্য কাজিয়া সংঘটিত হৈছিল। ইয়াৰ পিছত দুয়োটা সম্প্ৰদায়ে শোভাযাত্ৰা আগবঢ়াই নিবলৈ সন্মত হয়। কিন্তু একাংশ ব্যক্তিয়ে হঠাতে শোভাযাত্ৰা বন্ধ কৰি দিয়াৰ লগে লগে পৰিস্থিতি উত্তেজিত হৈ পৰে। ঘটনাস্থলীত পৰ্যাপ্ত সংখ্যক আৰক্ষী জোৱান মোতায়েন কৰা হৈছে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ১৯জন লোকক। ইয়াৰে ১৩ জন মুছলমান পক্ষৰ আৰু ৬ জন হিন্দু পক্ষৰ বুলি কোৱা হয়। লগতে জব্দ কৰিছে ১৮খন মটৰ চাইকেল আৰু ৯টা মোবাইল ফোন। আৰক্ষীয়ে দুয়োপক্ষৰ বিৰুদ্ধে পৃথক পৃথক গোচৰ ৰুজু কৰিছে। আন সন্দেহযুক্ত লোকক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। কৰ্তব্যৰত আৰক্ষী বিষয়াক তলব (লাইন হাজিৰ) কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া