কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, গুৱাহাটীত বিশাল ৰোডশ্বোত কৰিব অংশগ্ৰহণ
গুৱাহাটী,২৭ মাৰ্চ(হি.স.)। ৰাজ্যত অনুষ্ঠিত হব লগা বিধানসভা নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কামৰূপ মহানগৰৰ পাঁচ গৰাকী বিজেপি মিত্ৰ জোটৰ প্ৰাৰ্থীৰ সমৰ্থনত তেওঁ নিৰ্বাচনী প্ৰচাৰ
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (ফাইল ফোটো)


গুৱাহাটী,২৭ মাৰ্চ(হি.স.)। ৰাজ্যত অনুষ্ঠিত হব লগা বিধানসভা নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কামৰূপ মহানগৰৰ পাঁচ গৰাকী বিজেপি মিত্ৰ জোটৰ প্ৰাৰ্থীৰ সমৰ্থনত তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাব বুলি ৰাজ্যিক বিজেপিৰ এক সুত্ৰই প্ৰকাশ কৰিছে।

নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে তেওঁ নিৰ্বাচনী সভা তথা এক বিশাল ৰোডশ্বোতো অংশগ্ৰহণ কৰিব। বিয়লি আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় খেল পথাৰত অনুষ্ঠিত হব লগা এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব অমিত শ্বাহে। ইয়াৰ পিছতে তেওঁ আৰ্য্য ফিল্ডৰ পৰা লালগণেশলৈ এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব। তদুপৰি ২৯ মাৰ্চতো কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অসমৰ কেইবাটাও স্থানত দলীয় নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব। ২৯ মাৰ্চত ঢেকীয়াজুলি আৰু টিহু সমষ্টিৰ চামতাত হবলগীয়া দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব অমিত শ্বাহে। এই দলীয় নিৰ্বাচনী প্ৰচাৰ সভা তথা ৰোডশ্বোত মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাকে ধৰি দলৰ বিষয়ববীয়াসকল তথা মিত্ৰদলৰ শীৰ্ষ নেতৃত্ব উপস্থিত থাকি দলীয় প্ৰাৰ্থীৰ বাবে ভোটভিক্ষা কৰিব বুলি জানিব পৰা গৈছে। ইফালে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ গৰাকীৰ কাইলৈ আগমণক কেন্দ্ৰ কৰি ৰাজ্যিক বিজেপিয়ে জোৰদাৰ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande