
যোৰহাট, ২৭ মাৰ্চ (হি.স.)। কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে শুকুৰবাৰে বিজেপি নেতৃত্বক তীব্ৰ সমালোচনা কৰি দলটোৰ ভিতৰত আস্থা সংকট থকাৰ অভিযোগ উত্থাপন কৰে আৰু ইন্ধন সংকটৰ দৰে জনজীৱনৰ গুৰুত্বপূৰ্ণ সমস্যাসমূহত চৰকাৰ ব্যৰ্থ হোৱা বুলি কয়।
যোৱা নিশা এখন সভাত ভাষণ দি গগৈয়ে কয় যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা সাৱধান হৈ থাকিবলৈ পৰামৰ্শ দিছিল। তেওঁ অভিযোগ কৰে যে তেওঁৰ পিতৃয়ে কৰে পূৰ্বতেই এনে ধৰণৰ ৰাজনৈতিক বিশ্বাসঘাটকতাৰ সম্ভাৱনা অনুভৱ কৰিছিল।
গগৈয়ে বিজেপিৰ “ডাবল ইঞ্জিন চৰকাৰ”ৰ দাবীকো সমালোচনা কৰি কয় যে ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতিৰ পাছতো বৰ্তমান ৰাজ্যত পেট্ৰ’ল, ডিজেল আৰু এলপিজিৰ অভাৱৰ বাবে সাধাৰণ ৰাইজে দীঘল শাৰী পাতি থাকিব লগা হৈছে।
কংগ্ৰেছৰ প্ৰাৰ্থী নিৰ্বাচন প্ৰসংগত তেওঁ কয় যে এইবাৰ দলটোৱে ১৩ গৰাকী মহিলা প্ৰাৰ্থীক টিকট প্ৰদান কৰি নতুন মুখক সুযোগ দিছে। বিপৰীতে, বিজেপিয়ে বেছিভাগ টিকট আগতে কংগ্ৰেছত থকা আৰু পাছত দল ত্যাগ কৰি বিজেপিত যোগ দিয়া নেতাসকলকহে প্ৰদান কৰা বুলি অভিযোগ কৰে।
তেওঁ টিয়ক সমষ্টিৰ ৰাইজক কংগ্ৰেছ প্ৰাৰ্থী পল্লৱী গগৈক আশীৰ্বাদ জনাবলৈ আহ্বান জনাই কয় যে এই সমষ্টি আৰু ৰাইজৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। তেওঁ আশা প্ৰকাশ কৰে যে টিয়ক তথা সমগ্ৰ যোৰহাটৰ ৰাইজে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক বিপুল ভোটেৰে জয়ী কৰিব।
----------
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ