
বলীউড অভিনেতা ৰণবীৰ সিঙৰ ছবি ধুৰন্ধৰ ২: দ্য ৰিভেঞ্জ –এ বক্স অফিচত চমক অব্যাহত ৰাখিছে। মুক্তিৰ প্ৰথম দিনৰ পৰা অষ্টম দিনলৈকে ছবিখনে নিজৰ শক্তিশালী স্থান অক্ষুণ্ণ ৰাখিছিল। এসপ্তাহৰ ভিতৰতে ৬০০ কোটি টকাৰ সীমা অতিক্ৰম কৰি এতিয়া বিশ্বজুৰি নতুন অভিলেখ গঢ়িছে।
ট্ৰেড ৰিপৰ্ট অনুসৰি ছবিখনে মুক্তিৰ অষ্টম দিনত ৪৯.৭০ কোটি টকা উপাৰ্জন কৰে। পেইড প্ৰিভিউ শ্ব'ৰ পৰা ৪৩ কোটি টকা সহ ধুৰন্ধৰ ২ৰ মুঠ ঘৰুৱা সংগ্ৰহ ৬২৪.৪৭ কোটি ₹ হৈছেগৈ। বিশ্বজুৰি ছবিখনে ১,০৬৭.২৪ কোটি টকা উপাৰ্জন কৰি পাথানৰ ১,০৫০.৩ কোটি টকাৰ অভিলেখ অতিক্ৰম কৰিছে।
ইফালে পৱন কল্যাণৰ উস্তাদ ভগত সিং এই প্ৰতিযোগিতাত পিছ পৰি থকা যেন লাগে। ছবিখনে অষ্টম দিনত মাত্ৰ ১.০২ কোটি টকা উপাৰ্জন কৰি মুঠ সংগ্ৰহ ৬৬.৯৭ কোটি টকালৈ বৃদ্ধি কৰে। ছবিখন যি গতিৰে আগবাঢ়িছে তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ ভৱিষ্যত প্ৰত্যাহ্বানমূলক বুলি বিবেচিত হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া