
যোৰহাট, ২৭ মাৰ্চ (হি.স.)। যোৰহাটৰ নগৰৰ মাজ মজিয়াত থিয়েটাৰ হলৰ সমীপত এজন অচিনাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৃত অৱস্থাত পদ পথত পৰি থাকে ব্যক্তি জনৰ নিঠৰ দেহ। ব্যক্তি জনৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ হোৱা নায়। স্থানীয় লোকে জানিব দিয়া অনুসৰি কালি নিশাৰ পৰা পৰি থকা বুলি জানিব পৰা গৈছে ।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণত্তোৰ পৰীক্ষাৰ ব্য়ৱস্থা কৰে।মৃতদেহটোৰ ফটো জিলা খনৰ বিভিন্ন আৰক্ষী থানালৈ প্ৰেৰণ কৰি চিনাক্ত কৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু