
নতুন দিল্লী, ২৭ মাৰ্চ (হি.স.)। কংগ্ৰেছ দলে কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰাৰ দাবীক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে প্ৰকৃত সুবিধা গ্ৰাহকৰ ওচৰলৈ যোৱা নাই। কংগ্ৰেছ মিডিয়া বিভাগৰ সভাপতি পৱন খেৰাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত পোষ্ট কৰি কয় যে শিৰোনামসমূহে মূল্য হ্ৰাসৰ প্ৰচাৰ চলাইছে যদিও সাধাৰণ গ্ৰাহক আৰু ডিলাৰৰ বাবে হাৰ কাৰ্যতঃ অপৰিৱৰ্তিত হৈ আছে।
তেওঁ স্পষ্ট কৰি দিয়ে যে চৰকাৰে তেল বিপণন কোম্পানীয়ে চৰকাৰক দিয়া ‘বিশেষ অতিৰিক্ত আবকাৰী শুল্ক’হে হ্ৰাস কৰিছে। তেওঁৰ মতে এই পদক্ষেপে জনসাধাৰণক প্ৰত্যক্ষভাৱে লাভৱান হোৱা নাই।
খেৰাই ইয়াক অপ্ৰয়োজনীয় কৰ বুলি অভিহিত কৰি কয় যে পশ্চিম এছিয়াত চলি থকা সংঘাতৰ পিছৰে পৰা তেল বিপণন কোম্পানীসমূহে লোকচানৰ সন্মুখীন হৈছে আৰু চৰকাৰে এতিয়া সেই বোজাৰ এটা সৰু অংশহে লাঘৱ কৰিছে ।
কংগ্ৰেছ নেতাগৰাকীয়ে অভিযোগ কৰে যে চৰকাৰে প্ৰতিশ্ৰুতি দিয়া সকাহ কেৱল “সংবাদ”ত সীমাবদ্ধ হৈ আছে, আনহাতে বাস্তৱত সাধাৰণ মানুহে কোনো স্পষ্ট সুবিধা লাভ কৰা নাছিল। তেওঁ চৰকাৰক শিৰোনামা দখল কৰাতকৈ গ্ৰাহকক প্ৰত্যক্ষ আৰু স্পষ্ট সকাহ প্ৰদান কৰাত গুৰুত্ব দিবলৈ আহ্বান জনায়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া