নিৰ্বাচন ২৬ : আজমলৰ মন্তব্যক মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰত্যাহ্বান, অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ স্থিতি অব্যাহত ৰাখিব বুলি ঘোষণা
গুৱাহাটী, ২৭ মার্চ (হি.স.): অসমৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ মন্তব্যৰ প্ৰতি তীব্ৰ প্ৰত্যাহ্বান জনাইছে আৰু ৰাজ্যত অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে চৰকাৰ কঠোৰভাৱে ব্যৱস্থা অব্যাহত ৰাখিব বুলি ঘোষণা কৰে। ম
Image of the Jan Aashirbad yatra in Barpeta-Sarbhog.


গুৱাহাটী, ২৭ মার্চ (হি.স.): অসমৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ মন্তব্যৰ প্ৰতি তীব্ৰ প্ৰত্যাহ্বান জনাইছে আৰু ৰাজ্যত অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে চৰকাৰ কঠোৰভাৱে ব্যৱস্থা অব্যাহত ৰাখিব বুলি ঘোষণা কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে বিগত পাঁচ বছৰত চৰকাৰে ইতিমধ্যে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু আগন্তুক বছৰত আৰু অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। তেওঁ এই মন্তব্য আজমলৰ শেহতীয়া বক্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে আগবঢ়ায় । বিহপুৰীয়াত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে বিজেপি প্ৰাৰ্থী ভূপেন বৰাৰ সমৰ্থনত প্ৰচাৰ চলায়। তেওঁ কয় যে দলটোৱে পুনৰ ক্ষমতালাভ কৰিলে সমষ্টিটোৰ দ্ৰুত উন্নয়ন নিশ্চিত কৰা হ’ব।

ইফালে, সভাত ভাষণ প্ৰদান কৰি ভূপেন বৰাই কয় যে বিহপুৰীয়া সমষ্টিত আগন্তুক পাঁচ বছৰত উল্লেখযোগ্য পৰিবৰ্তন দেখা যাব। তেওঁ দাবী কৰে যে পৰৱৰ্তী পাঁচ বছৰত উন্নয়ন গতি বিগত দশকৰ তুলনাত চাৰিগুণ বেছি হ’ব।

হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ


 rajesh pande