পাকিস্তানৰ বেলুচিস্তানত ভূমিকম্পৰ জোকাৰণি, আতংকিত লোকসকল ঘৰৰ পৰা বাহিৰ
ইছলামাবাদ, ২৭ মাৰ্চ (হি.স.)। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ ঝোব আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত বৃহস্পতিবাৰে নিশা ৪.২ ৰিখটাৰ স্কেলৰ ভূমিকম্প হয়। ইয়াৰ ফলত আতংকই অঞ্চলটো আগুৰি ধৰিলে। আতংকিত বাসিন্দাসকলে ঘৰৰ পৰা লৰালৰিকৈ ওলাই আহি কোৰআনৰ আয়াত পাঠ কৰিবল
सांकेतिक


ইছলামাবাদ, ২৭ মাৰ্চ (হি.স.)। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ ঝোব আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত বৃহস্পতিবাৰে নিশা ৪.২ ৰিখটাৰ স্কেলৰ ভূমিকম্প হয়। ইয়াৰ ফলত আতংকই অঞ্চলটো আগুৰি ধৰিলে। আতংকিত বাসিন্দাসকলে ঘৰৰ পৰা লৰালৰিকৈ ওলাই আহি কোৰআনৰ আয়াত পাঠ কৰিবলৈ আৰম্ভ কৰিলে। অৱশ্য়ে ঝোবৰ কোনো অংশত হতাহতি বা ক্ষয়-ক্ষতিৰ কোনো খবৰ পোৱা নাই।

দুনিয়া নিউজৰ তথ্য অনুসৰি ইছলামাবাদৰ ৰাষ্ট্ৰীয় ভূমিকম্প নিৰীক্ষণ কেন্দ্ৰই উল্লেখ কৰিছে যে ভূমিকম্পৰ কেন্দ্ৰবিন্দু ঝোবৰ পৰা ১১০ কিলোমিটাৰ দক্ষিণ-পূবে ১২ কিলোমিটাৰ গভীৰতাত অৱস্থিত। স্থানীয় কৰ্তৃপক্ষ আৰু উদ্ধাৰকাৰী সংস্থাসমূহে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে পুৱা বেলুচিস্তানত প্ৰবল ভূমিকম্পৰ সৃষ্টি হয়। ৰাষ্ট্ৰীয় ভূমিকম্প নিৰীক্ষণ কেন্দ্ৰৰ তথ্য অনুসৰি ৰিখটাৰ স্কেলত ভূমিকম্পৰ গতি ৪.৬। বেলুচিস্তানৰ বৰখানৰ পৰা প্ৰায় ৫৫ কিলোমিটাৰ উত্তৰত এই ভূগৰ্ভস্থ আছিল আৰু ইয়াৰ গভীৰতা ভূপৃষ্ঠৰ পৰা প্ৰায় ৯২ কিলোমিটাৰ তলত লিপিবদ্ধ কৰা হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande