নাজিৰা আৰক্ষীৰ নাকা চেকিঙত ৮ লক্ষাধিক নগদ ধন জব্দ
নাজিৰা আৰক্ষীৰ নাকা চাকিংত বৃহৎ সাফল্য।
নাজিৰা আৰক্ষীৰ নাকা চেকিঙত ৮ লক্ষাধিক নগদ ধন জব্দ


শিৱসাগৰ, ২৭ মাৰ্চ (হি.স.): নিৰ্বাচনৰ প্ৰাকক্ষণত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া নাজিৰা আৰক্ষীৰ নাকা চেকিঙত বৃহৎ সাফল্য লাভ কৰা হয় ।নাজিৰা আৰক্ষী থানা আৰু ২১৬ নম্বৰ চিআৰপিএফৰ যুটীয়া অভিযানত নাজিৰাৰ বৰতলত ৮ লাখ ৮৫ হাজাৰ নগদ ধন জব্দ কৰা হয় ৷ নাজিৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যজিৎ বৰাৰ নেতৃত্বত চলাই থকা অভিযানৰ সময়ত নাজিৰাৰ বৰতলত এই বৃহৎ পৰিমাণৰ ধন জব্দ কৰে ৷

জানিব পৰা মতে এএছ ১২ এম ৮৭৬৬ নম্বৰৰ এখন ক’লা ৰঙৰ স্কৰপিঅ’ বাহনৰ পৰা জব্দ কৰা হৈছে এই লক্ষাধিক টকা ৷ বাহনখনত আছিল জয় ভাৰত ৰাজনৈতিক দলৰ পতাকা৷ ইতিমধ্যেই নাজিৰা আৰক্ষীয়ে আটক কৰিছে বাহন খনত থকা ডিউক টপ্প আৰু অনিমা বৰুৱা টপ্প নামৰ দুজন লোকক ৷ আৰক্ষীয়ে সদৰী কৰা মতে ওদালগুৰিৰ পৰা ডিব্ৰুগড়লৈ নি আছিল নগদ ধন খিনি৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande