
তামুলপুৰ, ২৭ মাৰ্চ (হি.স.)। অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটাৰ সকলক সজাগ কৰাৰ উদ্দেশ্যে আজি তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত এক বিশেষ সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰা হয়। তামুলপুৰ বজাৰত অনুষ্ঠিত হব লগা নাটক খনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তামুলপুৰ উন্নয়ন খণ্ডৰ সদস্য সকলে অংশগ্ৰহণ কৰি ৰাইজক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।
বিশেষকৈ বয়োজ্যেষ্ঠ আৰু অসুস্থ ভোটাৰ সকলৰ বাবে নিৰ্বাচন আয়োগে আগবঢ়োৱা বিশেষ সুবিধা সমূহৰ বিষয়ে নাটক খনৰ জৰিয়তে সজাগতা সৃষ্টি কৰা হয়। সমাজৰ সৰ্বাংগীণ উন্নয়নৰ বাবে যোগ্য প্ৰাৰ্থীক ভোটদান কৰাটো কিমান জৰুৰী, সেই বাৰ্তাও নাটখনৰ জৰিয়তে ৰাইজৰ মাজলৈ লৈ যোৱা হয়। আজিৰ কাৰ্যসূচীত তামুলপুৰৰ জনসংযোগ বিষয়া বিজয় বেজবৰুৱা, দীপক নাৰ্জাৰীৰ লগতে জিলা খনৰ তামুলপুৰ, গোৰেশ্বৰ আৰু নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ কো-অৰ্ডিনেটৰ সকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু