মণিপুৰত অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ, আৰ পি এফ/পি এল এ কেডাৰসহ গ্ৰেপ্তাৰ ৩
ইম্ফল, ২৭ মাৰ্চ (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে যোৱা কালি বৃহস্পতিবাৰে পৃথক পৃথক অভিযানৰ সময়ত অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীৰ ভঁৰাল উদ্ধাৰ কৰাৰ লগতে উগ্ৰপন্থী সংগঠনৰ এজন সক্ৰিয় সদস্যকে ধৰি তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হয়। শুকুৰবাৰে মণিপুৰ
Image Related to the Arms, Explosives Recovered; RPF/PLA Rebel and Two Drug Suspects Held in Manipur


ইম্ফল, ২৭ মাৰ্চ (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে যোৱা কালি বৃহস্পতিবাৰে পৃথক পৃথক অভিযানৰ সময়ত অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীৰ ভঁৰাল উদ্ধাৰ কৰাৰ লগতে উগ্ৰপন্থী সংগঠনৰ এজন সক্ৰিয় সদস্যকে ধৰি তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হয়।

শুকুৰবাৰে মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ে প্ৰকাশ কৰা আনুষ্ঠানিক তথ্য অনুসৰি ইম্ফল পূৱ জিলাৰ ইয়াংগাংপকপি থানা এলেকাৰ অন্তৰ্গত টুইনমজাং আৰু চানাছাবি বনাঞ্চলত চলোৱা অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে মেগজিনসহ এটা .২২ পিষ্টল, এটা .২২ ৰাইফল, এটা দেশত নিৰ্মিত কাৰ্বাইন, এটা পম্পেই গান (বাইপডযুক্ত), আৰু এটা দেশত নিৰ্মিত একক বেৰেল বন্দুক। প্লেটযুক্ত এটা কেমফ্লেজ বুলেটপ্ৰুফ জেকেট, এটা বাওফেং ৱাকি-টকি, এটা ৫১ মিমি মৰ্টাৰ হাই-এক্সপ্ল’ছিভ বোমা, ১০টা সজীৱ গুলী .২২ গোলাবাৰুদ আৰু এটা খালী এছ এল আৰ মেগজিন আদিও উদ্ধাৰ কৰা হৈছে।

আন এক অভিযানত নিৰাপত্তা বাহিনীয়ে ইম্ফল পূৱ জিলাৰ লামলাই থানা এলেকাৰ অন্তৰ্গত খুৰাই আংগোম মানিং লাইকাইত থকা বাসগৃহৰ পৰা আৰ পি এফ/পি এল এৰ কেডাৰ চেৰাম চিংলয়বা মেইটেই ওৰফে টমেই ওৰফে টম (২৭)ক গ্ৰেপ্তাৰ কৰে।

একে ক্ৰমত বিষ্ণুপুৰ জিলাৰ নামবোল থানা এলেকাৰ অন্তৰ্গত মৈত্ৰাম অঞ্চলৰ পৰা দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়। ননে জিলাৰ লুয়াংচুং পাৰ্ট-১ৰ নিবাসী কাছিমথাই ৰংমেই (৩২) আৰু ননে জিলাৰ খংছাঙৰ বাসিন্দা গাইখুলুৱানলুং ৰুৱাংমেই (৪৬) বুলি জানিব পৰা গৈছে।

ধৃত ব্যক্তিকেইজনৰ পৰা এখন চাৰিচকীয়া বাহন, প্ৰায় ১.৭ কিলোগ্ৰাম ওজনৰ ৪ নং হেৰ’ইনৰ ১৫০টা চাবোনৰ কেচ আৰু পাঁচটা মোবাইল ফোন উদ্ধাৰ কৰা হৈছে।

এই সকলো গোচৰতে অধিক তদন্ত অব্যাহত আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

 rajesh pande