
ৱাশ্বিংটন/তেহৰাণ, ২৭ মাৰ্চ (হি.স.)। আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত ২৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা যুদ্ধৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ স্বৰ কিছু নৰম কৰিছে। ৬ এপ্ৰিললৈকে আমেৰিকাই ইৰাণৰ বিদ্যুৎ কেন্দ্ৰত আক্ৰমণ নকৰে বুলি তেওঁ এক উল্লেখযোগ্য ঘোষণা কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে বৃহস্পতিবাৰে ঘোষণা কৰে যে তেওঁ ইৰাণৰ বিদ্যুৎ কেন্দ্ৰত আক্ৰমণৰ মৰেটৰিয়াম এসপ্তাহতকৈ অধিক সময় বৃদ্ধি কৰিছে।
চিবিএছ নিউজ আৰু আল জাজিৰাৰ প্ৰতিবেদন অনুসৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে “ট্ৰুথ ছ’চিয়েল”ত ঘোষণা কৰিছিল যে আমেৰিকাই ইৰাণৰ বিদ্যুৎ কেন্দ্ৰত আক্ৰমণৰ স্থগিতাদেশ ৬ এপ্ৰিললৈকে বৃদ্ধি কৰিব। ইৰাণ চৰকাৰৰ অনুৰোধত ৰাষ্ট্ৰপতিগৰাকীয়ে এই মৰেটৰিয়াম বৃদ্ধি কৰা বুলি উল্লেখ কৰে। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিগৰাকীয়ে সোমবাৰে ইৰাণৰ শক্তি আন্তঃগাঁথনিত আক্ৰমণৰ ক্ষেত্ৰত পাঁচ দিনীয়া স্থগিত ৰখাৰ কথা ঘোষণা কৰিছিল, যাৰ ম্যাদ শনিবাৰে শেষ হ’ব।
তেওঁ লিখিছে, ইৰাণ চৰকাৰে অনুৰোধ কৰা মতে, অনুগ্ৰহ কৰি এই বক্তব্যক প্ৰমাণ হিচাপে বিবেচনা কৰক যে মই বিদ্যুৎ কেন্দ্ৰসমূহত আক্ৰমণ কৰাৰ সময়সীমা ২০২৬ চনৰ ৬ এপ্ৰিল সোমবাৰলৈকে, নিশা ৮ বজা (পূব সময়) লৈ ১০ দিন বৃদ্ধি কৰিছো। তেওঁ লগতে কয়, আলোচনা চলি আছে, আৰু 'ফেক নিউজ মিডিয়া' আৰু আনসকলে ইয়াৰ বিপৰীতে মিছা বক্তব্য দিয়াৰ পিছতো সেইবোৰ বহুত ভালকৈয়ে চলি আছে। এই বিষয়ত মনোযোগ দিয়াৰ বাবে ধন্যবাদ!
তেওঁ লগতে কয়, ইৰানে সাত দিনৰ বাবে বিচাৰিছিল। মই কৈছিলো, 'আপুনি মোক জাহাজবোৰ দিয়াৰ বাবেই মই আপোনাক ১০ দিন দিছো।' ইফালে ইৰাণৰ এজন নেতাই কয় যে তেহৰাণৰ বিষয়াসকলে আমেৰিকাৰ শান্তিৰ প্ৰস্তাৱ লাভ কৰিছে। এই বিষয়াগৰাকীয়ে শান্তিৰ প্ৰস্তাৱক একপক্ষীয় বুলি অভিহিত কৰে।
ইফালে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছাক দাৰে নিশ্চিত কৰিছে যে ইছলামবাদে সংঘাতৰ অন্ত পেলোৱাৰ মধ্যস্থতাকাৰীৰ প্ৰচেষ্টাৰ অংশ হিচাপে আমেৰিকা আৰু ইৰাণৰ বিষয়াসকলৰ মাজত বাৰ্তা আদান-প্ৰদান কৰি আছে। এই প্ৰচেষ্টাত তুৰস্ক আৰু ইজিপ্তেও সহযোগিতা আগবঢ়াইছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া