নিৰ্বাচন ২৬ : আজমলৰ বিতৰ্কিত মন্তব্যত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া
গুৱাহাটী, ২৭ মাৰ্চ (হি.স.)ঃ এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিতৰ্কিত মন্তব্যক লৈ অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। “মিঞাই মুখ্যমন্ত্ৰীৰ কামিহাঁড় ভাঙিব” বুলি কৰা মন্তব্যই জনমনত ক্ষোভৰ সৃষ্টিৰ লগতে ৰাজনৈতিক মহলতো তীব্ৰ বিতৰ্কৰ জন্ম দিছে। স্থা
Badruddin Ajmal বদৰুদ্দিন আজমল बदरुद्दीन अजमल


গুৱাহাটী, ২৭ মাৰ্চ (হি.স.)ঃ এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিতৰ্কিত মন্তব্যক লৈ অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। “মিঞাই মুখ্যমন্ত্ৰীৰ কামিহাঁড় ভাঙিব” বুলি কৰা মন্তব্যই জনমনত ক্ষোভৰ সৃষ্টিৰ লগতে ৰাজনৈতিক মহলতো তীব্ৰ বিতৰ্কৰ জন্ম দিছে।

স্থানীয় ৰাইজে এই বক্তব্যক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে এনে ধৰণৰ উচটনিমূলক মন্তব্যে ৰাজ্যখনৰ সামাজিক সম্প্ৰীতি বিঘ্নিত কৰিব পাৰে। তেওঁলোকে ৰাজনীতিত দায়িত্বশীল আচৰণৰ দাবী উত্থাপন কৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইৰ স্থিতি উল্লেখ কৰি বহু লোকে কয় যে অসম কোনো এটা বিশেষ গোটৰ বলত নহয়, আইনৰ শাসন আৰু উন্নয়নৰ আধাৰত চলিব লাগে।

আনহাতে, আজমলৰ ৰাজনৈতিক ধাৰণাক লৈও তীব্ৰ সমালোচনা কৰা হৈছে। কিছুমানে অভিযোগ কৰে যে তেওঁ সাম্প্ৰদায়িক বিষয়ক আগবঢ়াই ৰাজনীতি কৰে, যাৰ অসমত কোনো স্থান নাই। উল্লেখ্য যে, আগন্তুক নিৰ্বাচনৰ পূৰ্বে এই ধৰণৰ মন্তব্যই ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ অধিক উত্তপ্ত কৰি তুলিছে আৰু দায়িত্বশীল ৰাজনৈতিক ভাষাৰ প্ৰয়োজনীয়তা পুনৰো উত্থাপন কৰিছে ।

হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ


 rajesh pande