যুদ্ধৰ বাবে নেপালৰ অৰ্থনীতি সংকটৰ সন্মুখীন- এডিবিৰ প্ৰতিবেদন
কাঠমাণ্ডু, ২৭ মাৰ্চ (হি.স.)। এছিয়ান ডেভেলপমেণ্ট বেংক (এডিবি)ৰ এক অধ্যয়নত কোৱা হৈছে যে মধ্যপ্ৰাচ্যত বৃদ্ধি পোৱা সংঘাতৰ ফলত নেপালৰ দৰে ৰেমিটেন্স নিৰ্ভৰশীল অৰ্থনীতিৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে। শেহতীয়া প্ৰতিবেদন এডিবি ব্ৰিফছ ৩৮৪ অনুসৰি এই সংঘাত
एशियाई विकास बैंक


কাঠমাণ্ডু, ২৭ মাৰ্চ (হি.স.)। এছিয়ান ডেভেলপমেণ্ট বেংক (এডিবি)ৰ এক অধ্যয়নত কোৱা হৈছে যে মধ্যপ্ৰাচ্যত বৃদ্ধি পোৱা সংঘাতৰ ফলত নেপালৰ দৰে ৰেমিটেন্স নিৰ্ভৰশীল অৰ্থনীতিৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে। শেহতীয়া প্ৰতিবেদন এডিবি ব্ৰিফছ ৩৮৪ অনুসৰি এই সংঘাতৰ ফলত শক্তিৰ মূল্য বৃদ্ধি, যোগান শৃংখলত ব্যাঘাত জন্মা, বিত্তীয় অৱস্থা কঠোৰ হোৱা, আৰু ৰেমিটেন্সৰ প্ৰবাহ যথেষ্ট হ্ৰাস পোৱাৰ আশংকা বৃদ্ধি পাইছে।

প্ৰতিবেদনত কোৱা হৈছে যে এই সংঘাতে ৰেমিটেন্সৰ প্ৰবাহত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব, যাৰ সৰ্বাধিক প্ৰভাৱ পৰিব পশ্চিম এছিয়াৰ পৰা ৰেমিটেন্সৰ ওপৰত অত্যন্ত নিৰ্ভৰশীল নেপালৰ দৰে দেশসমূহত।

প্ৰতিবেদন অনুসৰি নেপালৰ মুঠ মুঠ ঘৰুৱা উৎপাদনৰ (জিডিপি) ৮.১ শতাংশ পশ্চিম এছিয়াৰ পৰা প্ৰেৰণ কৰা ধন এছিয়াৰ দেশসমূহৰ ভিতৰত সৰ্বাধিক। যদিহে পশ্চিম এছিয়াৰ দেশসমূহৰ অৰ্থনৈতিক কাৰ্যকলাপ লেহেমীয়া হয়, তেন্তে তাত কাম কৰা নেপালী শ্ৰমিকসকলৰ চাহিদা আৰু আয় হ্ৰাস পাব, যাৰ ফলত নেপালৰ বৈদেশিক মুদ্ৰাৰ প্ৰবাহত প্ৰত্যক্ষ প্ৰভাৱ পৰিব।

খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ মূল্য বৃদ্ধিয়ে ইন্ধনৰ বাবে আমদানিৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল নেপালৰ দৰে দেশৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। সংঘাতৰ ফলত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১২০ ডলাৰ হৈছেগৈ।

যদিহে সংঘাত অব্যাহত থাকে তেন্তে এডিবিৰ অনুমান অনুসৰি উন্নয়নশীল এছিয়াৰ দেশসমূহৰ অৰ্থনৈতিক বিকাশ ১.৩ শতাংশ পইণ্ট হ্ৰাস পাব পাৰে আৰু মুদ্ৰাস্ফীতি ৩.২ শতাংশ বৃদ্ধি পাব পাৰে। ইয়াৰ প্ৰভাৱ দক্ষিণ এছিয়াত সৰ্বাধিক হোৱাৰ সম্ভাৱনা আছে, য’ত মূল্য ৪.৯ শতাংশ পইণ্ট পৰ্যন্ত বৃদ্ধি পাব পাৰে।

পশ্চিম এছিয়াও ৰাসায়নিক সাৰৰ প্ৰধান উৎপাদনকাৰী দেশ। এই সংঘাতৰ ফলত কাটাৰ, চৌদি আৰৱৰ দৰে দেশৰ পৰা ইউৰিয়া আৰু এমোনিয়াৰ ৰপ্তানি ব্যাহত হোৱাৰ ফলত বিশ্বৰ বজাৰত সাৰৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাইছে। প্ৰতিবেদন অনুসৰি ২৭ ফেব্ৰুৱাৰীৰ তুলনাত ১৩ মাৰ্চলৈকে ইউৰিয়াৰ মূল্য ৪২.৯ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ ফলত কৃষিপ্ৰধান দেশ নেপালত খেতিৰ ব্যয় বৃদ্ধি পাব আৰু খাদ্যৰ মূল্যৰ ওপৰতো হেঁচা পৰিব।

তদুপৰি ওমান জলদ্বীপ আৰু হৰমুজ জলদ্বীপৰ দৰে মূল বাণিজ্যিক পথসমূহত ব্যাঘাত জন্মালে মালবাহীৰ হাৰ আৰু বীমাৰ খৰচ যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ দ্বাৰা নেপালৰ দৰে আমদানি নিৰ্ভৰশীল দেশসমূহৰ সকলো ধৰণৰ সামগ্ৰীৰ মূল্যত প্ৰত্যক্ষ প্ৰভাৱ পৰিব।

এই সংকটৰ প্ৰভাৱ কম কৰিবলৈ এডিবিয়ে পৰামৰ্শ দিয়ে যে চৰকাৰসমূহে শক্তিৰ ৰাজসাহায্য সকলোৰে বাবে নহয়, অতি দৰিদ্ৰ পৰিয়াল আৰু ক্ষতিগ্ৰস্ত উদ্যোগসমূহৰ মাজতে সীমাবদ্ধ কৰক। ইয়াৰ উপৰিও শক্তিৰ ব্যৱহাৰ হ্ৰাস কৰি বিকল্প শক্তিৰ উৎস দ্ৰুতভাৱে গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ উপৰিও ৰেমিটেন্সৰ সম্ভাৱ্য হ্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি বৈদেশিক মুদ্ৰাৰ মজুতৰ সযতনে ব্যৱস্থাপনাৰ পৰামৰ্শ দিয়া হৈছে।

প্ৰতিবেদনত সকীয়াই দিয়া হৈছে যে এই সংকটে এছিয়াৰ দেশসমূহৰ শক্তি সুৰক্ষা আৰু বিশ্ব যোগান শৃংখলৰ বিপদসমূহ পুনৰ উন্মোচন কৰে। যদিহে এই সংঘাত দীৰ্ঘদিন ধৰি চলি থাকে তেন্তে নেপালৰ দৰে দেশৰ অৰ্থনৈতিক স্থিতিশীলতাৰ বাবে ইয়াৰ পৰিণতি আৰু অধিক ভয়াৱহ হ’ব পাৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande