
জম্মু, ২৬ মাৰ্চ (হি.স.)। চৈত্ৰ নৱৰাত্ৰিৰ সময়ত জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ মাতা বৈষ্ণো দেৱী মন্দিৰত ভক্তৰ ব্যাপক ভিৰ পৰিলক্ষিত হয় । এই সময়ছোৱাত ২৬ লাখৰো অধিক ভক্তই গুহা মন্দিৰটো পৰিদৰ্শন কৰে।
মাতা বৈষ্ণো দেৱী শ্ৰাইন ব’ৰ্ডৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ মাধ্যমৰ আগত কয় যে তীৰ্থযাত্ৰা সুকলমে চলি আছে। ২৫ মাৰ্চ পৰ্যন্ত ২৬৯,৭১৬ গৰাকী তীৰ্থযাত্ৰী এই মন্দিৰ পৰিদৰ্শন কৰিছে। জয় মাতা দি ধ্বনি দি শতাধিক ভক্তই মাতা বৈষ্ণো দেৱী মন্দিৰৰ আঁকোৰগোজ পথত ট্ৰেকিং কৰি আছে। তথ্য অনুসৰি নৱৰাত্ৰিৰ প্ৰথম দিন ১৯ মাৰ্চত ৩১,৮১৫ জন তীৰ্থযাত্ৰী উপস্থিত হোৱাৰ পিছত ২০ মাৰ্চত ৩৪,৮০৫ জন, ২১ মাৰ্চত ৪১,০৭৮ জন, ২২ মাৰ্চত ৪৩,৪৮২ জন, ২৩ মাৰ্চত ৪৫,৪৭৮ জন, ২৪ মাৰ্চত ৩৮,১৫৮ জন আৰু ২ মাৰ্চত ৩৪,৯০০ জন তীৰ্থযাত্ৰী উপস্থিত হৈছিল। বিপুল জনসমাগম পৰিচালনাৰ বাবে দুবাৰকৈ চমু সময়ৰ বাবে তীৰ্থযাত্ৰীৰ পঞ্জীয়ন স্থগিত ৰখা হৈছিল।
বহুস্তৰীয় নিৰাপত্তাৰ মাজতে আৰম্ভ হোৱা ৯ দিনীয়া চৈত্ৰা নৱৰাত্ৰি উৎসৱৰ জৰিয়তে আধ্যাত্মিক উত্তেজনা আৰু পৰম্পৰাগত উল্লাসেৰে ভৰি থকা পথ আৰু মন্দিৰ ভৱন এলেকা দুয়োটা পোহৰ আৰু ফুলৰ সজ্জাৰে জ্বলি উঠে। নিৰাপদ যাত্ৰা নিশ্চিত কৰিবলৈ কত্ৰা বেছ কেম্প আৰু মন্দিৰলৈ যোৱা পথত বহুস্তৰীয় নিৰাপত্তা নিয়োগ কৰিছে কৰ্তৃপক্ষই। ব’ৰ্ডে তীৰ্থযাত্ৰীসকলক পথ প্ৰদৰ্শন, আশা কৰা ধৰণে ভিৰ পৰিচালনা, আৰু ১৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ যাত্ৰাপথত যাতায়তৰ মসৃণ গতি নিশ্চিত কৰিবলৈ স্বেচ্ছাসেৱক নিয়োগ কৰিছে।
বিষয়াগৰাকীয়ে কয় যে এইবাৰ শ্ৰাইন ব’ৰ্ডে যাত্ৰা পথৰ সমন্বয় আৰু যোগাযোগৰ উন্নতিৰ বাবে বেতাঁৰ যোগাযোগৰ প্ৰৱৰ্তন কৰিছে। সমগ্ৰ উৎসৱটোত আৰক্ষী, চি আৰ পি এফ, অন্যান্য অৰ্ধসামৰিক বাহিনী, আৰু দ্ৰুত সঁহাৰি দল (কিউ আৰ টি)কে ধৰি বহুস্তৰীয় নিৰাপত্তা ব্যৱস্থা ৰূপায়ণ কৰা হৈছে। চৈত্ৰ নৱৰাত্ৰিৰ শুভ আৰম্ভণি উদযাপন কৰি পবিত্ৰ গুহাত বৈদিক মন্ত্ৰ আৰু আচাৰ-অনুষ্ঠানৰ ঐশ্বৰিক কম্পনে সমগ্ৰ মানৱজাতিক শান্তি, সমৃদ্ধি, মংগলৰ আশীৰ্বাদ প্ৰদান কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া