(আপডেট) অন্ধ্ৰ প্ৰদেশৰ পথ দুৰ্ঘটনাত ১৪ জন নিহত, ২৩ জন আহত
মাৰ্কাপুৰম, ২৬ মাৰ্চ (হি.স.)। অন্ধ্ৰ প্ৰদেশৰ মাৰ্কাপুৰম জিলাৰ ৰায়াভাৰামৰ সমীপত বৃহস্পতিবাৰে পুৱা এখন ব্যক্তিগত বাছৰ সৈতে তীব্ৰবেগী টিপাৰ ট্ৰাক সংঘৰ্ষৰ ফলত দুয়োখন বাহনৰ মাজত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাত ১৪ জন যাত্ৰী নিহত হোৱাৰ বিপৰীতে ২৩
घटना स्थल का जायजा लेते मार्कापुरम के विधायक कंडुला नारायण रेड्डी


মাৰ্কাপুৰম, ২৬ মাৰ্চ (হি.স.)। অন্ধ্ৰ প্ৰদেশৰ মাৰ্কাপুৰম জিলাৰ ৰায়াভাৰামৰ সমীপত বৃহস্পতিবাৰে পুৱা এখন ব্যক্তিগত বাছৰ সৈতে তীব্ৰবেগী টিপাৰ ট্ৰাক সংঘৰ্ষৰ ফলত দুয়োখন বাহনৰ মাজত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাত ১৪ জন যাত্ৰী নিহত হোৱাৰ বিপৰীতে ২৩ জন লোক আহত হয়।

মাৰ্কাপুৰমৰ আৰক্ষী অধীক্ষক ভি হৰ্ষবৰ্ধন ৰাজুৱে জনোৱা মতে, দুৰ্ঘটনাত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে চালকসহ ২৩ জন আহতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আৰক্ষীৰ প্ৰাথমিক তথ্য অনুসৰি ৰায়ৱৰাম গাঁৱৰ সমীপত পুৱা ৬:০০ বজাৰ পৰা ৬:৩০ বজাৰ ভিতৰত সংঘটিত হয় এই দুৰ্ঘটনা। হৰিকৃষ্ণ ট্ৰেভেলছৰ মালিকানাধীন ব্যক্তিগত বাছখন তেলেংগানাৰ নিৰ্মলৰ পৰা অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰলৈ গৈ আছিল।

মাৰ্কাপুৰমৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, বাছখনে কেকুঁৰি এটা ঘুৰিবলৈ লোৱাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। ঠিক তেনে সময়তে বিপৰীত দিশৰ পৰা আহি থকা এখন তীব্ৰবেগী টিপাৰ ট্ৰাকে বাছখনত খুন্দা মাৰিলে। ইয়াৰ প্ৰভাৱ ইমানেই ভয়াৱহ আছিল যে দুয়োখন বাহনতে লগে লগে জুই লাগি উঠে, আনকি যাত্ৰীসকল নামিব পৰা নাছিল।

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখনত প্ৰায় ৪০ জন যাত্ৰী আছিল। বাছখনৰ সন্মুখৰ প্ৰায় ১০ জন যাত্ৰী ওলাই আহিবলৈ সক্ষম হয় যদিও পিছফালে থকাসকল জুইৰ শিখাত আবদ্ধ হৈ পৰে।

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে। মুখ্যমন্ত্রী কার্যালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি মুখ্যমন্ত্রীয়ে জ্যেষ্ঠ বিষয়াৰ সৈতে কথা পাতি পৰিস্থিতিৰ পৰ্যালোচনা কৰে৷ তেওঁ আহতসকলক সম্ভৱপৰ উত্তম চিকিৎসা সাহায্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।

স্থানীয় বিধায়ক কন্দুলা নাৰায়ণ ৰেড্ডীয়েও ঘটনাস্থলীত উপস্থিত হৈ সাহায্য অভিযানৰ পৰ্যালোচনা কৰে। আৰক্ষীয়ে এতিয়াও মৃত লোকজনক চিনাক্ত কৰি দুৰ্ঘটনাৰ সঠিক কাৰণৰ তদন্তৰ কাম অব্যাহত ৰাখিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande